হাজোংবৰীত অসমৰ শিশু শিক্ষা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ দ্য ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০২০ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে চন্দ্ৰপুৰৰ হাজোংবৰীস্থিত বিদ্যা ভাৰতীৰ বহুমুখী প্ৰকল্পত আৰম্ভ হৈছে। বন্তি প্ৰজ্বলন, বন্দনাৰে আৰম্ভণি হোৱা সভাখনত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি, অসমৰ সভাপতি ড০ নিৰ্মল বৰুৱাই।
সভাপতিৰ আসন গ্ৰহণৰ পাছতেই আদৰণী ভাষণ পাঠ কৰে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহঃ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে। ইয়াৰ পাছতে বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক ব্ৰহ্মাজী ৰাৱে প্ৰস্তাৱিক ভাষণত বিদ্যা ভাৰতী তথা শিশু শিক্ষা সমিতি অসমৰ লক্ষ্য-উদ্দেশ্যৰ কথা কৈ পঞ্চপদী শিক্ষা ব্যৱস্থাৰে শিশুক শিক্ষা প্ৰদান কৰি সমাজৰ একোগৰাকী সংস্কৃতিৱান, সুনাগৰিক হিচাপে গঢ় দিবলৈ শিশু শিক্ষা সমিতি অসমে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে বুলি মন্তব্য কৰে।
শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী উপস্থিত থকা সভাত মুখ্য অতিথিৰ মন্তব্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত বিজ্ঞানী তথা আই এ এছ এছ টি ৰ প্ৰাক্তন সঞ্চালক বৰ্তমান ডাউন টাউন ইউনিভাৰ্ছিটীৰ কুলপতি ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰে বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাত সংস্কৃাৰ আৰু যোগৰ সংযোজনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
সভাত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহোটা স্হানৰ ভিতৰত আঠোটাকৈ স্হান দখল কৰা অসমৰ ভিন ভিন অঞ্চলৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীবৃন্দ ক্ৰমে বৰভাগ নিকেতনৰ জ্যোতিষ্মান দেৱশৰ্মা (তৃতীয় স্থান), ৰামদিয়া নিকেতনৰ নিখিলেশ দত্ত (অষ্টম স্থান), গোলাঘাট কাকডোঙা নিকেতনৰ ৰাজদীপ বৰুৱা (নৱম স্হান), নলবাৰী বাহাৰঘাট নিকেতনৰ মঃ মাচুম মেহতাব (নৱম স্হান), বাহাৰঘাট নিকেতনৰ ইমন বৈশ্য (নৱম স্হান), বৰপেটা বহৰি নিকেতনৰ পূজা বেনাৰ্জী, কামৰূপ ৰামদিয়া নিকেতনৰ ভাৰ্গৱ জ্যোতি দাস, ডিফু ক্লিৰডাপ নিকেতনৰ অলিন্দিতা কলিতা ( দশম স্হান)-এই আটাইকেইজনকে উপহাৰ ,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত শিশু শিক্ষা সমিতি অসমৰ হৈ সফলতা অৰ্জন কৰা খেলুৱৈ ময়ূৰী গগৈ (লীলাবাৰী লখিমপুৰ), প্ৰাঞ্জল দাস (পূব ৰঙানদী লখিমপুৰ), পৰিকলতা নৰহ (এঘাৰ মাইল, লখিমপুৰ), ৰিমি পেগু (ন-আলি, লখিমপুৰ), কিংশুক নাথ (নগাঁও), খুছবু গড় (ডিমৌ, শিৱসাগৰ), আইনু বৰুৱা (বেতবাৰী, শিৱসাগৰ) আৰু অমন্টিকা মুণ্ডাক (বোকাখাত, যোৰহাট) সম্বৰ্ধনা জনোৱা হয়।
লগতে বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় যোগাসনত সফলতা লাভ কৰা ৰাখী বৰা (লখিমপুৰ), ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰতিযোগিতাত বঁটা বিজয়ী ময়ুৰম বৰা (বোকাখাত, যোৰহাট) ৰাষ্ট্ৰীয় গণিত বিজ্ঞান মেলাত বিজ্ঞান আৰ্হিত বঁটা বিজয়ী দেৱলীনা কোঁৱৰক সম্বৰ্ধনা জনোৱা হয়। দুদিনীয়া অধিৱেশনৰ কাইলৈৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠ, হিচাপৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে অসমৰ বিভিন্ন উপ সমিতিসমূহৰ প্ৰমুখসকলে নিজ নিজ আঁচনি সম্পৰ্কত প্ৰতিবেদন দাখিল আৰু বক্তব্য ৰাখিব।