মেট্ৰিক পৰীক্ষাই বিমোৰত পেলাইছে বকোৰ পাহাৰীয়া অঞ্চল লাম্পীৰ ছাত্ৰ ছাত্ৰীক: অৰ্জুন ছেত্ৰী
নিয়মীয়া বাৰ্তা,১৯ মাৰ্চ: ৰাজ্যজুৰি তোলপাৰ লগাই থকা ছেবাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰাত একাংশ ছাত্ৰ ছাত্ৰীৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰিছে। এই সন্দৰ্ভত জাঙুৰ খাই উঠিছে কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদ।প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ কিন্তু এটা দূৰ্গম পাহাৰীয়া অঞ্চল বকোৰ চিৰসেউজ লাম্পীৰ সুন্দৰপুৰত শনিবাৰে অনুষ্ঠিত হয় ‘৩০ তম বাৰ্ষিক কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদ’ ৰ সভা। এই সভাত আবেলি অনুষ্ঠিত হোৱা ‘মুকলি সভা’ত লাম্পীৰ ছাত্ৰ ছাত্ৰীসকলৰ দূৰৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। মুকলি সভাত উপস্থিত থাকে কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদৰ সভাপতি দুলাল ৰানা, সম্পাদক কৈলাশ শৰ্মা, কামৰূপ জিলাৰ ১৫ টা শাখাৰ প্ৰতিনিধি, প্ৰাক্তন সভাপতি সম্পাদক আৰু উপদেষ্টা সকলৰ লগতে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, সোনাৰাম ৰাভা, আদিত্য ৰাভাৰ লগতে অৰ্জুন চেত্ৰী, কামৰূপ জিলা সভাপতি, অসম গোৰ্খা সন্মিলনী তথা গোৰ্খা কল্যাণ পৰিষদৰ সদস্য সকল।
এই সভাত অসম গোৰ্খা সন্মিলনীৰ কামৰূপ জিলাৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পী অঞ্চলত মোবাইল নেটৱৰ্কৰ কোনো সুবিধা নোহোৱা আৰু অঞ্চলতোত বিদ্যুৎ সংযোগ নামত আছে যদিও প্ৰায় সময়তে বিদ্যুৎ নাথাকে বুলি ক্ষোভ উজাৰি কয় যে ‘মূখ্যমন্ত্ৰীয়ে টুইট কৰিলে বা শিক্ষামন্ত্ৰী তথা ছেবাই পৰীক্ষা বাতিল কৰা’ ৰ সম্বন্ধে ঘোষনা কৰিলে লাম্পীৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীয়ে গম নাপায়। যাৰ ফল স্বৰূপে ৩১ ৰপৰা ৩৫ কিলোমিটাৰ পৰ্য্যন্ত গৈ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষা দিব গৈ উভতি আহিবলৈ লগা হলে তেওঁলোকে মানসিক ভাৱে ভাগি পৰে। এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ৰাজ্য চৰকাৰে যেতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা পাতিছিল, তেতিয়া চৰকাৰে দুদিন আগৰ পৰাই ইণ্টাৰনেট কৰ্তন কৰি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। তেতিয়া প্ৰশ্নকাকত ফাদিল হোৱাৰ কথাই নাছিল। ঠিক তেনেদৰে এইবোৰ পৰীক্ষা ও পাতিবলৈ চৰকাৰে বদ্ধপৰিকৰ হব লাগে আৰু প্ৰয়াস কৰিব লাগে। শিক্ষামন্ত্ৰী তথা পিযুজ হাজৰিকাই প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত চৰকাৰ তথা ছেবাৰ কোনো ধৰনৰ দোষ নাই বুলি কোৱাক লৈ উভতি ধৰি কয় যে-ভাল কাম কৰিলে বা: বা: লয়। তেতিয়া টো মূখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে নকৰে। তেওঁলোকৰ কৰ্মচাৰী বোৰেহে কৰে। পিছত তেখেতসকলে ভাল কামৰ বা: বা: লয়, কিন্তু বেয়া কামৰ দায়িত্ব নলয়।দ্বায়িত্বত থকাৰ পিছত শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী দুয়োজনেই জগৰীয়া। গতিকে ছাত্ৰ ছাত্ৰী সকলৰ লগত এই ধৰণৰ লৰা ধেমালী কৰাটো ভাল কথা হোৱা নাই। গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত উচিত সিদ্ধান্ত লবৰ বাবে আমি আহ্বান জনাইছো।
এই সভাত ২০২১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা গোৰ্খা সম্প্ৰদায়ৰ বকো,হাহিম আৰু লাম্পী অঞ্চলৰ ২২ জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
সভাত নিজৰ ভাষণত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে কয় যে, মূখ্যমন্ত্ৰী গৰাকীয়ে সীমা অঞ্চলত গণ্ডগোল হলে আহিলে নহব, অতিকৈ দূৰ্গম আৰু অনুন্নত লগতে চিৰ সেউজ লাম্পীৰ উন্নয়নৰ আঁচনি হাতত লৈও লাম্পীলৈ আহিব লাগিব বুলি উল্লেখ কৰে।
প্ৰেৰক ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন