নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুজনাৰ স্মৃতি বিজৰিত মধুপুৰ সত্ৰ দৰ্শন অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ শক্তি পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাৰ

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ   যোৱা বুধবাৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ, শক্তি, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই গুৰুজনাৰ স্মৃতিগৰকা পশ্চিমবংগৰ কোচবিহাৰৰ সমীপৰ ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰ দৰ্শন কৰে। যোৱাকালি ২৬ জানুৱাৰী উপলক্ষে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ বিশিষ্ট অতিথি হিচাপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে মধুপুৰলৈ ৰাওনা হয়। মধুপুৰ সত্ৰত উপস্থিত হোৱাৰ পিছত তেওঁ সত্ৰৰ কীৰ্তন ঘৰ আৰু মণিকূটত সেৱা আগবঢ়ায়। সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তক সাক্ষাৎ কৰি আশিস গ্ৰহণ কৰে আৰু সত্ৰখনৰ সংৰক্ষণ তথা উন্নয়নকে ধৰি আনুষংগিক বিভিন্ন দিশৰ ওপৰত সত্ৰাধিকাৰীগৰাকীৰ সৈতে এক আলোচনাত মিলিত হয় তেওঁ। মন্ত্ৰীগৰাকীয়ে মধুপুৰ সত্ৰ চৌহদত থকা অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰটো পৰিদৰ্শন কৰি কাম-কাজৰ শেহতীয়া স্থিতি সম্পৰ্কে বুজ লয় আৰু সত্ৰ পৰিসৰত অৰ্ধনিৰ্মিত হৈ থকা ভৱনসমূহ সম্পূৰ্ণ কৰাৰ বাবে শীঘ্ৰেই যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

মধুপুৰ সত্ৰ থকা অঞ্চলটোত গুৰুজনাৰ সৃষ্টিৰাজি চৰ্চাৰ এক সুন্দৰ পৰিবেশ নিৰ্মাণৰ লগতে সত্ৰখনক সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলা হ’ব বুলিও দোহাৰে মন্ত্ৰীগৰাকীয়ে। যোৱাকালিৰ সেই মধুপুৰ সত্ৰ দৰ্শনকালত ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম.পি., জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰীৰ বিশিষ্ট সমাজকর্মী বিমল অ’ছৱাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেবময় সান্যালকে ধৰি অন্যান্য মান্যগণ্য ব্যক্তিয়ে মন্ত্ৰীগৰাকীক সংগ দিয়ে। উল্লেখ্য যে, যোৱাকালি ধুবুৰীত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ পিছত মন্ত্ৰী বৰাই জিলা ক্ৰীড়া বিষয়াকে ধৰি জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে ধুবুৰীৰ ঝগৰাৰপাৰৰ নিৰ্মীয়মান ষ্টেডিয়ামটোত উপস্থিত হৈ সেইখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

You might also like