বিশ্বজিৎ দৈমাৰীৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্র মন্ত্রী চন্দনৰ
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ বিটিআৰ শান্তি চুক্তি দীর্ঘদিনীয়া আন্দোলন কৰা সংগ্রামী নেতাসকলৰ দ্বাৰাহে হৈছে আৰু এই চুক্তিত থকা সম্পূর্ণ দফাসমূহ কার্যকৰী কৰাৰ দায়িত্বও তেওঁলোকৰেই৷ ইয়াত কোনোবাই একো নাই, ভেলুলেছ বুলি ক’লেই নহ’ব৷ –এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ৷ ভেৰগাঁৱৰ বুদুৰাহাবিত অনুষ্ঠিত ইউপিপিএলৰ এক ৰাজনৈতিক গণসচেতনতা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ তেওঁ এই মন্তব্য আগবঢ়ায়৷ ভেৰগাঁও ব্লক ইউপিপিএলৰ সভাপতি লাচিত ৰাভাই সভাপতিত্ব কৰা ৰাজনৈতিক গণসচেতনতা সভাত মুখ্য অতিথিৰ ভাষণত দলৰ সভাপতি বড়োৱে কয় যে এইবাৰ বিটিচিত ইউপিপিএলৰ নতুন চৰকাৰ অহাটো খাটাং৷ ইউপিপিএলৰ মেল–মিটিঙত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে স্বতঃস্ফূর্তভাৱে অংশ লৈ সমর্থন আগবঢ়োৱাটোৱেই ইয়াৰ প্রমাণ৷ তেওঁ লগতে আৰু কয় যে ইউপিপিএলৰ চৰকাৰ আহিলে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ লগতে ভাষা–সংস্কৃতি ৰক্ষা, সম অধিকাৰ, সম উন্নয়ন পাবলৈ সক্ষম হ’ব৷ ভেৰগাঁও ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক প্রণৱ বডোৱে আঁত ধৰা গণসভাত নেতাগৰাকীয়ে সাম্প্রতিক ৰাজনৈতিক পটভূমিৰ বিষয়ে ব্যাখ্যা কৰি কয় যে বিপিএফপ্রধান হাগ্রামা মহিলাৰী আৰু অন্যান্য কেইগৰাকীমান নেতাই বিগত ১৭টা বছৰে ৰাইজৰ উন্নয়নৰ বাবে দীর্ঘম্যাদী একো আঁচনি নল’লে৷ এই অঞ্চলত বসবাস কৰা বিভিন্ন লোকৰ মাজত শংকা আৰু বিভেদৰহে সৃষ্টি কৰিলে৷ ইউপিপিএল দলে এইবাৰ সকলো জাতি–জনগোষ্ঠীৰ উন্নয়নৰ বাবে এটা এটাকৈ উন্নয়ন ব’ড গঠন কৰি দিয়াৰ পৰিকল্পনা হাতত লোৱা বুলি তেওঁ সদৰী কৰে৷
আনহাতে, সাংবাদিকৰ আগত প্রমোদ বডোৱে কয় যে মন্ত্রী চন্দন ব্রহ্মই সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৰাজনৈতিক জীৱন ধবংস কৰাৰ এটা কু–চক্রান্ত কৰি আছে৷ প্রমোদ বড়োৰ মতে বিপিএফৰ বছা বছা নেতাসকলক একাষৰীয়া কৰি মন্ত্রী চন্দন ব্রহ্মই নিজে হাগ্রামা মহিলাৰীৰ সুশিস্য হৈ সকলোৰে ওপৰত থাকিব বিচাৰিছে৷ ইতিমধ্যে বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীক পার্টীৰ পৰা আঁতৰত ৰাখিলে আৰু এতিয়া সাংসদ বিশ্বজিৎ দৈমাৰীক হটাও কৰিব পাৰিলেই চন্দন ব্রহ্মৰ যি কু–ভিসন্ধি সেয়া বাস্তৱত প্রকাশ ঘটিব৷ সেই কাৰণে দৈমাৰী এতিয়া এলাগী হোৱাৰ লেখীয়া হৈছে বুলি প্রমোদ বড়োৱে বিস্ফোৰক মন্তব্য কৰে৷ বিশ্বজিৎ দৈমাৰী এতিয়া কাৰ দলত থাকিব বা যাব এয়া তেওঁৰ সম্পূর্ণ নিজা অধিকাৰ বুলি দোহাৰে প্রমোদ বড়োৱে৷ আজিৰ এই বৃহৎ ৰাজনৈতিক গণসচেতনতা সভাত ইউপিপিএলৰ বহুকেইগৰাকী কেন্দ্রীয় নেতা–জিলা পর্যায়ৰ সভাপতি নন্দৰাম বডো, উপ–সভাপতি খবাৰাম বডো, মনোনীত প্রার্থী দাওবাইচা বডোসহ জিলাৰ মহিলা কোষ, যুৱ কোষৰ নেতা–কর্মী প্রমুখ্যে ছয় সহস্রাধিক লোকে অংশ লয়৷