সংখ্যালঘু ছাত্রবৃত্তিত বিয়াগোম কেলেংকাৰি: ভুৱা ছাত্র–ছাত্রীৰ নামত ৫০০ কোটি আত্মসাৎ
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অভিযোগ অসম সংখ্যালঘু উন্নয়ন ব’ডৰ অধ্যক্ষ মমিনুল আৱালৰ৷ অধ্যক্ষ আৱালৰ মতে যোৱা ৪টা বছৰত ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ টকাৰ হৰলুকী হৈছে৷ আজি এখন সংবাদ মেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়– ‘সংখ্যালঘু ছাত্র–ছাত্রীসকলৰ বাবে মোকলাই দিয়া জলপানিৰ অধিকাংশ ধন যোৱা সময়ছোৱাত বিভিন্ন ছলেৰে, ভুৱা ছাত্র–ছাত্রীৰ সৃষ্টি কৰি আত্মসাৎ কৰা হৈছে৷ আচৰিতভাৱে এই ধন আত্মসাতত পোনপটীয়াকৈ শিক্ষানুষ্ঠানৰ মুৰব্বী, বিভিন্ন বেংকৰ সেৱা কেন্দ্র, জিলা নডেল বিষয়াৰ কার্যালয়কে ধৰি এটা দালাল চক্র প্রত্যক্ষভাৱে জড়িত হৈ আছে৷ এই চক্রটোৱে অতি কৌশলেৰে ভুৱা ছাত্র–ছাত্রীৰ সৃষ্টি কৰি শ শ কোটি টকা লুট কৰি নিছে৷
আনকি এইক্ষেত্রত একাংশ শিক্ষানুষ্ঠানৰ প্রধান শিক্ষকো এই ধন আত্মসাতত জড়িত হৈ আছে৷’ সংবাদ মেলত সংখ্যালঘু উন্নয়ন ব’ডৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে কেন্দ্রীয় চৰকাৰে ২০১৬–১৭, ২০১৭–১৮, ২০১৮–১৯ আৰু ২০১৯–২০ বর্ষত পোষ্ট–মেট্রিক শিতানত ৮৭,৭০,৭৩,৭৩৭ টকা, মেৰিট কাম্ মিছনত ৪৮,৯০,৬১,৩৬৭ টকা আৰু প্রি–মেট্রিক স্ক’লাৰশ্বিপ শিতানত ৩৬৪,৭৮,৬৯,৩৭২ টকাসহ মুঠ ৫০১,৪০,৪,৪৭৬ টকা মোকলাই দিছে৷ ছাত্র–ছাত্রীৰ নামত মোকলাই দিয়া এই বৃহৎ পৰিমাণৰ ধন ভুৱা একাউণ্ট খুলি একাংশ লোকে আত্মসাৎ কৰিছে৷ অধ্যক্ষ মমিনুল আৱালে এই সন্দর্ভত কয় যে এই বৃহৎ কেলেংকাৰিত জড়িত হৈ থকা দোষী ব্যক্তিসকলক আইনৰ আওতালৈ আনি উচিত শাস্তিৰ ব্যৱস্থা কৰা হ’ব৷ তেওঁ ইয়াৰ বাবে আহ্বান জনাই কয়– ছাত্র বৃত্তিৰ ধন আত্মসাতৰ যিকোনো ঘটনা দৃষ্টিগোচৰ হ’লে সংখ্যালঘু উন্নয়ন পৰিষদক অৱগত কৰাওক৷ এই দালাল চক্রটো পুলিয়ে–পোখাই উভালি পেলাবলৈ পৰিষদে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিব৷ তেওঁ কয়– বহু শিক্ষানুষ্ঠানৰ প্রধান শিক্ষকৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে৷
প্রধান শিক্ষকজনক এইক্ষেত্রত সহায় কৰিছে বেংকৰ একাংশ বিষয়া–কর্মচাৰীয়ে৷ ভুৱা ছাত্র–ছাত্রীৰ নামত বেংকত একাউণ্ট খোলাৰ লগতে ভুৱা নাম–ঠিকনাৰে ম’বাইল ছিম উলিয়াই লৈছে৷ যিহেতু কেন্দ্রীয় চৰকাৰে আগবঢ়োৱা জলপানি বেংক একাউণ্টত জমা হোৱাৰ পিছত একাউণ্টৰ লগত দিয়া ম’বাইল নম্বৰত এটা ক’ড নম্বৰ প্রেৰণ কৰা হয়৷ এই ক’ড নম্বৰ দেখুৱালেহে ধন উলিয়াব পৰা যায়৷ এই দালাল চক্রটোৱে পৰিকল্পিতভাৱে সকলো প্রস্তুত কৰি যোৱা ৪টা বছৰত কোটি কোটি টকা আত্মসাৎ কৰিছে৷ অধ্যক্ষগৰাকীয়ে এই বৃহৎ কেলেংকাৰি তথা ধন আত্মসাৎ কৰা ঘটনাৰ বাবে এটা তদন্তকাৰী গোট গঠন কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অনুৰোধ জনাই আজি এখন স্মাৰক–পত্রও প্রদান কৰে৷