নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান চিমেণ্ট কাৰখানাত বহিঃৰাগত যুৱকক নিযুক্তিৰ ক্ষেত্ৰত বিধায়ক ডাঃ নোমল মমিনৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানাত কৰ্মৰত এচাম উচ্চ পদস্থ স্বাৰ্থলোভী দিল্লী লবীৰ একাংশ বিষয়াই থলুৱা শিক্ষিত যুৱকক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিবলৈ প্ৰয়াস কৰা কাণ্ডৰ বিৰোধিতা কৰিছে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে।
ইতিমধ্যে বিধায়ক মমিনে এই কাৰ্যৰ বিৰোধিতা কৰি  বোকাজান চিমেণ্ট কাৰখানাৰ  মহাপ্ৰবন্ধকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু কোনো কাৰণতে থলুৱা যুৱকক বঞ্চিত হবলৈ দিয়া  নহব বুলি মন্তব্য আগবঢ়াই।আনহাতে চিমেণ্ট কাৰখানাটোত অনাগত দিনত হব পৰা কয়লাৰ নাটনিৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতো আলোচনা কৰিব বুলি কয়।
You might also like