নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তৱৰ্তী ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অধীনৰ জিমিৰগাঁও আৰু উমশ্ৰুৰ মহিলাসকলে যাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ( এ এছ এল আৰ এম ) আঁচনিৰ সহায় লৈ আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰে তাৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ।
এই তৎপৰতাৰ অংশহিচাপে ৩১ জানুৱাৰীত জিমিৰগাঁও আৰু উমশ্ৰুৰ মহিলাসকলৰ মাজত দুখন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় । দুয়োটা অনুষ্ঠানত দুয়োখন গাঁওৰ তিনিটা মণ্ডলৰ ধ্ৰুৱতৰা, মহাবাহু আৰু ত্ৰিনয়ন নামৰ মহিলা আত্মসহায়ক গোটৰ তিনি শতাধিক মহিলাই ভাগ লয় ।
আনহাতে দুয়োটা অনুষ্ঠানত ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মহিলাসকলক এই আঁচনিসমূহৰ সুবিধা সমূহ গ্ৰহণ কৰি নিজৰ লগতে পৰিয়ালটোক কিদৰে আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰি তাৰ বাবে হাতে কামে নামি পৰিবলৈ আহ্বান জনোৱাৰ লগতে দায়িত্ববাহী বিষয়া – কৰ্মচাৰীসকলক এইক্ষেত্ৰত সততে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় ।
অনুষ্ঠানত এ এছ এল আৰ এমৰ ৰাজ্যিক মিছন সঞ্চালক কৃষ্ণা বৰুৱাই অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি আঁচনিসমূহৰ দ্বাৰা মহিলাসকল কিদৰে আৰ্থিকভাৱে স্বাৱলম্বী হব পাৰে তাৰ বাখ্যা দাঙি ধৰে । অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , এ এছ আৰ এল এমৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক নৱজিৎ ভৰালী , ৰাণীৰ খণ্ড প্ৰকল্প প্ৰবন্ধক গুণজিৎ ঠাকুৰীয়াকে ধৰি কেবাজনো বিষয়া – কৰ্মচাৰী উপস্থিত থাকে ।
আনহাতে বিধায়ক কলিতাই তাৰ পৰা কিছু নিলগৰ মেঘালয় সীমান্তৰ ঔগুৰি প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ পৰা লাভ কৰা ৫.০৮ লাখ টকাৰ নিৰ্মাণ হবলগীয়া উন্নয়নৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী, কনিষ্ঠ অভিযন্তা অপৰ্ণা বৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেশ্বৰ কছাৰী আৰু অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে ।
প্ৰেৰক অমল কলিতা