অগপ এৰিলে বিধায়ক পবিন্দ্র ডেকাই
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বিধানসভা নির্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে আঞ্চলিক দল অগপত সৃষ্টি হৈছে তীব্র জোকাৰণিৰ৷ নির্বাচনৰ প্রাক্ক্ষণত দলটোত মোক্ষম আঘাত হানি অগপৰ প্রতিষ্ঠাকালৰে সংগী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাই আজি দলৰ পৰা পদত্যাগ কৰে৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ৰ পৰাই দলৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ থকা পবিন্দ্র ডেকাই আজি অগপৰ সভাপতি অতুল বৰালৈ পদত্যাগ–পত্র প্রেৰণ কৰি আঞ্চলিক দলটোৱে আঞ্চলিকতাবাদবিৰোধী আৰু জাতীয়তাবাদবিৰোধী চিন্তা–কার্যকলাপত নামি পৰা বুলি অভিযোগ তোলে৷ দিছপুৰস্থিত বিধায়ক আৱাসত এখন সংবাদ মেল আয়োজন কৰি বিধায়ক ডেকাই কয়– বিগত দীর্ঘ সময় ধৰি অগপই আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ চৰিত্রৰ পৰা আঁতৰি আছে৷ কার্যতঃ আদর্শচ্যুত হৈছে অগপ৷ সেয়েহে আঞ্চলিকতাবাদবিৰোধী আৰু জাতীয়তাবাদবিৰোধী এনে চিন্তা–চর্চাৰ বাবে মই আঁতৰি আহিলোঁ৷
সভাপতি অতুল বৰালৈ প্রেৰণ কৰা পদত্যাগ–পত্রত বিধায়কগৰাকীয়ে উল্লেখ কৰে যে বৃহৎ নদীবান্ধ, অসম চুক্তিৰ ক্ষেত্রত অগপই দুমুখীয়া স্থিতি গ্রহণ কৰিছে৷ মিত্রজোঁটৰ দোহাই দি বিজেপিৰ আজ্ঞাবাহী হৈ পৰিছে অগপ৷ আঞ্চলিক দলটো এতিয়া প্রাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে৷
মন কৰিবলগীয়া যে ‘কা’বিৰোধী আন্দোলনত অগপই গ্রহণ কৰা স্থিতিক লৈ সৰৱ হৈ থকা পবিন্দ্র ডেকাই অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে মিত্রজোঁট চৰকাৰৰ মন্ত্রী হৈ থকাৰ লক্ষ্যৰে চৰকাৰৰ সৈতে সহাৱস্থান কৰাৰ অভিযোগ তুলি আহিছে৷ সেয়াই নহয়, অতুল বৰা বাহিনীয়ে একচেটিয়াভাৱে দলত সিদ্ধান্ত গ্রহণ কৰি তাক কার্যকৰী কৰাৰ বাবেও ক্ষোভ প্রকাশ কৰি আহিছিল পবিন্দ্র ডেকাই৷ বিধায়কগৰাকীৰ এনে স্থিতিক লৈ অসন্তুষ্ট হৈ থকা অগপ নেতৃত্বই শেহতীয়াকৈ তেওঁক এলাগী কৰি ৰাখিছিল৷
আনকি পাটাছাৰকুছি সমষ্টিত অগপই অনুষ্ঠিত কৰা দলীয় সভা–সমিতিলৈও আমন্ত্রিত হোৱা নাছিল পবিন্দ্র ডেকা৷ বিগত দীর্ঘ সময় দলৰ পৰা এলাগী হৈ থকা পবিন্দ্র ডেকাই অগপত থাকিব নে নাথাকে, সেই সম্পর্কে নতুন বর্ষৰ আৰম্ভণিতে সিদ্ধান্ত গ্রহণ কৰিব বুলি পূর্বে অৱগত কৰিছিল যদিও আজি হঠাতে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰে৷ ইফালে, অগপৰ পৰা পদত্যাগ কৰি বিধায়কগৰাকীয়ে আক্ষেপেৰে কয় যে মিত্রজোঁটৰ নামত অগপই দলৰ সকলো আদর্শ বিসর্জন দিছে৷ অগপত এতিয়া অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে যি নির্দেশনা দিয়ে বা যি নীতি গ্রহণ কৰে, সেয়া সকলোৱে মানি ল’ব লাগিব, এনে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মিত্রজোঁটলৈ অহাৰ সময়ত সিদ্ধান্ত হৈছিল যে অগপই বিজেপিৰ সৈতে উমৈহতীয়া সমস্যাসমূহত একমত পোষণ কৰিব৷ আনহাতে দলীয় নিজ নিজ ইছ্যুৰ ক্ষেত্রত নিজা মতত থাকিব৷ কিন্তু মন্ত্রিত্বৰ লালসাত অগপৰ নেতৃত্বই দলৰ ইছ্যুসমূহক বিসর্জন দিলে৷ কার্যতঃ আঞ্চলিকতাবাদৰ পৰা সম্পূর্ণৰূপে আঁতৰি আহিল অগপ৷
পদত্যাগ কৰাৰ পিছত নতুন দলত যোগদান কৰিব নে নাই, সেই সন্দর্ভত বিধায়কগৰাকীয়ে কোনো স্পষ্ট কথা উল্লেখ নকৰিলেও অচিৰেই এই সিদ্ধান্ত গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে৷ ২০২১ চনৰ নির্বাচনত অংশ ল’ব নে নাই, সেই সম্পর্কে সমষ্টিবাসীৰ সৈতে আলোচনা কৰি জানুৱাৰীৰ প্রথম ভাগত সিদ্ধান্ত ল’ব বুলি আজি তেওঁ উল্লেখ কৰে৷
ইফালে, পবিন্দ্র ডেকাৰ পদত্যাগক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে অগপই৷ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই পবিন্দ্র ডেকাৰ পদত্যাগক সুবিধাবাদ বুলি আখ্যা দিছে৷ এক বিবৃতিত সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আঞ্চলিকতাবাদৰ মুখা পিন্ধি ওৰেটো জীৱন সুবিধাবাদী ৰাজনীতিত সিদ্ধহস্ত বিধায়ক পবিন্দ্র ডেকাই পূর্বেও অগপ ত্যাগ কৰি কংগ্রেছ দলৰ হৈ নির্বাচনত অৱতীর্ণ হোৱাৰ উদাহৰণ আছে৷ সমষ্টিবাসীৰ সুখ–দুখৰ পৰা সততে আঁতৰি থাকি নিৰাপদ দূৰত্বত অৱস্থান কৰাটো ডেকাৰ জীৱনশৈলী৷ কোনোদিনেই দলীয় সমস্যা তথা সাধাৰণ লোকৰ দায়িত্ব বুজি নোপোৱা ডেকাৰ পদত্যাগ এক আমোদজনক ঘটনা বুলি অভিহিত কৰে মনোজ শইকীয়াই৷