জামুগুৰিত স্বাস্থ্য বিভাগৰ পৰামৰ্শত ১৮ জন লোকক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা মুকলি
নিয়মীয়া বাৰ্তা, ৩১ মে’: শনিবাৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ১৮ জন লোকক স্বাস্থ্য বিভাগৰ পৰামৰ্শমতে নিজ গৃহলৈ যাবলৈ দিয়া হয় ।
ইয়াকে লৈ উক্ত কেন্দ্ৰটোত বৰ্তমান ৬১ জন আৰু জামুগুৰিস্থিত বাৰেচহৰীয়া সাংস্কৃতিক ভৱনত ৪২ জন লোক কোৱাৰেণ্টাইন হৈ আছে ।
পূৰ্বৰ দৰেই এই লোকসকলকো একো একোটা উপহাৰ টোপোলাৰে কেন্দ্ৰটোৰ পৰা বিদায় দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।
ইপিনে উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰটোলৈ ৫০০ মাস্ক, এটা হেণ্ড চেনিটাইজাৰ ষ্টেণ্ড, এটি স্প্ৰে মেচিন আগবঢ়ায় সমষ্টোৰ কচুমটোলা নিৱাসী তথা কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্চ হিচাপে কৰ্মৰত অঞ্জলী প্ৰধানে ।