নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰলৈ প্ৰদান কৰিলে এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : অবশেষত কথা দিয়াৰ কম দিনৰ ভিতৰতে ছয়গাঁৱত এম্বুলেন্স প্ৰদান কৰিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ আজি গান্ধীজীৰ পবিত্ৰ জন্মদিনত ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এখন এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে আবণ্টিত তথা সম্পূৰ্ণ বাতানুকুল এম্বুলেন্সখন আজি চিকিৎসালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত বিধায়ক গৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ হাতত এম্বুলেঞ্চখন অৰ্পণ কৰে ৷

উল্লেখযোগ্য যে নিৰ্বাচনত জয়ী হোৱাৰ পিচতেই ছয়গাঁৱৰ এক অনুষ্ঠানত বিধায়কগৰাকীয়ে ছয়গাঁৱত বিধায়ক পুঁজিৰ ধনেৰে তিনিখন এম্বুলেন্স প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেই অনুসৰি বিধায়গৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি শনিবাৰে ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰথমখন এম্বুলেন্স প্ৰদান কৰি এম্বুলেন্স সেৱা আৰম্ভ কৰে ৷ বিধায়ক গৰাকীয়ে জনোৱামতে কাইলৈ গৰৈমাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত দ্বিতীয়খন এম্বুলেন্স প্ৰদান কৰিব ৷ আৰু দুদিনমান পিচত বামুণীগাঁও আদৰ্শ হাস্পাতালত তৃতীয়খন এম্বুলেন্স প্ৰদান কৰিব ৷

আনহাতে অতিশীঘ্ৰে ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মৃতদেহ কঢ়িওৱা এখন ভেন প্ৰদান কৰিব বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ৷ আজি অনুষ্ঠানত উপস্হিত থাকে ছয়গাঁও প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ মহকুমা স্বাস্হ্য বিষয়া ডাঃ ৰাধাচৰণ দাস, ছয়গাঁৱৰ সমাজকৰ্মী ৰুদ্ৰ কুমাৰ চৌধুৰী, চবিন বড়োকে প্ৰমূখ্যে কৰি ছয়গাঁও প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ চিকিৎসক তথা কৰ্মচাৰী ।

You might also like