নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ক’ভিড ৰোগীৰ সেৱাৰ বাবে এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক তেৰছ গোৱালাই 

দুলীয়াজানৰ বিভিন্ন পঞ্চায়তত চেনিটাইজেছন, ৰেচন আৰু মাক্স বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দ্বিতীয় বৰ্ষৰ দ্বিতীয়টো কাৰ্যকালৰ উপলক্ষে উদযাপন কৰা সুশাসন দিৱসত দুলীয়াজান বিধানসভা সমষ্টিত বিধায়ক তেৰছ গোৱালাৰ নেতৃত্বত সেৱাই সংগঠন শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে আজি বিধায়ক গোৱালাই ক’ভিড ৰোগীৰ সেৱাৰ বাবে প্ৰয়োজন হোৱা এখন এম্বুলেঞ্চ টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰলৈ আগবঢ়াই।

খণ্ড উন্নয়ণ বিষয়া নিৰ্মালী টেৰংপী আৰু স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ উপস্থিতিত টেঙাখাট খণ্ডৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাৰ্ভা দেৱীৰ হাতত আনুষ্ঠানিকভাৱে বিধায়কগৰাকীয়ে এম্বুলেঞ্চখন প্ৰদান কৰে ।

উল্লেখযোগ্য যে টেঙাখাট মডেল হাস্পতাল আৰু দুলীয়াজান অইল হায়াৰ চেকেণ্ডাৰী স্কুলৰ অস্হায়ী ক’ভিড কেন্দ্ৰত ক্ৰমবৰ্ধমান ক’ভিড পজিটিভ ৰোগীয়ে যথেষ্ট অভাৱৰ সন্মুখীন হৈছিল এম্বুলেঞ্চ সেৱাৰ ।আজি বিধায়কৰ যোগেদি নতুনকৈ প্ৰদান কৰা এম্বুলেঞ্চ সেৱাই সেই অভাৱখিনি লাঘৱ কৰিব বুলি চক্ৰ বিষয়া গৰাকীয়ে উল্লেখ কৰি বিধায়ক গোৱালাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

অসম গেছ কোম্পানীৰ সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত উক্ত এম্বুলেঞ্চখন যোগান ধৰা হৈছে । আনহাতে সমষ্টিৰ জিলা পৰিষদৰ সদস্য, বিভিন্ন পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ, বুথ কমিটিৰ উপস্হিতিত নাওহলীয়া পঞ্চায়তৰ পৰা আৰম্ভ কৰি দুলীয়াজান পঞ্চায়ত, বকুলনী পঞ্চায়ত, ভাদৈ পঞ্চায়ত, কঠালগুৰী পঞ্চায়তকে ধৰি বিভিন্ন পঞ্চায়তৰ ২০০ৰো অধিক গাঁৱত বিধায়কগৰাকীয়ে চেনিটাইজেছনৰ ব্যৱস্হা কৰে ।

সমান্তৰালভাৱে হোম কোৱাৰেন্টাইনত থকা শতাধিক ক’ভিড ৰোগীলৈ খাদ্য সামগ্ৰীৰ টোপোলা আৰু মাক্স বিতৰণ কৰি সকলোকে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ।

You might also like