নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ বছাত ২৫ লাখ টকা ব্যয়ৰে নিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ৫ মে’ : বৰহোলাৰ বছাত আজি এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই। ২৫ লাখ টকা ব্যয়ৰে নিৰ্মিত অংগনবাড়ী কেন্দ্ৰটোৰ ফিটা কাটি উদ্বোধন কৰে বিধায়কগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত তিতাবৰ ব্লক কংগ্ৰেছৰ সভাপতি অনিল চুতীয়া, ব্লক কংগ্ৰেছৰ সেৱা দলৰ সভাপতি বুবুজান আলি, ইকৰাণি মণ্ডৰ কংগ্ৰেছৰ সভাপতি মানিক শইকীয়া, তিতাবৰ সমাজ কল্যাণ বিভাগৰ বিষয়া, তিতাবৰ খণ্ড উন্নয়ন বিষয়া, বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকল, বছা সমাজ কল্যাণ কেন্দ্ৰ কৰ্মচাৰী, অংগবাড়ী সহায়িকা কৰ্মী, ভূমিদাতা তথা সমাজকৰ্মী দেবেন গগৈৰ লগতে স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে। উদ্বোধনৰ পিছতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

সাংবাদদাতা : অজয় শইকীয়া, বৰহোলা

You might also like