চাৰিজনীয়া যুৱকে পিষ্টল দেখুৱাই লুটি নিলে দুই লক্ষাধিকৰো অধিক টকা
নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ চোৰ আৰু ডকাইতৰ ৰম্যভূমিত পৰিণত হোৱা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ চামগুৰিত ৷ কেইদিনমান পূৰ্বে চামগুৰিত চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছত আজি বিয়লি চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মাত্ৰ এক কিলোমিটাৰ নিলগত চামগুৰি বৈদ্যুতিক উপ- সংমণ্ডল কাৰ্যালয়ৰ গেটৰ পথত দুগৰাকী কৰ্মচাৰীক বাট আগচি টকা লুট কৰা ঘটনাই সমগ্ৰ চামগুৰি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে,আজি বিয়লি প্ৰায় তিনিমান বজাত চামগুৰি বিদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী আৰু গৃহৰক্ষী বাহিনীৰ জোৱান এজনে এখন স্কুটী লৈ কাৰ্যালয়ত আজি বিদ্যুতৰ বিল পৰিশোধৰ বাবদ জমা হোৱা প্ৰায় দুই লাখ পঞ্চাশ হেজাৰ টকাৰো অধীক চামগুৰিস্থ ষ্টেট বেংকৰ শাখা কাৰ্যালয়ত জমা দিবৰ বাবে আহিছিল ৷দুয়োজন কৰ্মচাৰীয়ে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ পৰা ওলাই গেটৰ সন্মুখ পোৱাৰ সময়তে কুৰুৱাবাহী দিশৰ পৰা দুখন পালছাৰ বাইকত অহা চাৰিজন যুৱকে পথৰ মাজতে আগচি ধৰি প্ৰথমে স্কুটীৰ চাবিটো জব্দ কৰি মূৰত পিষ্টল লগাই সমুদায় ধন লুট কৰি চাৰি ডকাইত উধাও হয় বুলি জানিব পৰা গৈছে ৷
পৰৱতী সময়ত বিদ্যুত বিভাগৰ কৰ্মচাৰী আৰু গৃহৰক্ষী বাহিনীৰ জোৱানজনে হুলস্থুল কৰাত ঘটনাস্থলীত বিদ্যুত বিভাগৰ অন্য কৰ্মচাৰী আৰু চামগুৰি আৰক্ষী থানৰ আৰক্ষী উপস্থিত হয়৷ উক্ত ডকাইটি কাণ্ডৰ সন্দৰ্ভত বিদ্যুত বিভাগে চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷এই ক্ষেত্ৰত চামগুৰি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত যুৱক কেইজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান পৰ্যন্ত এজনোকো আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে