নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত মিনিট্ৰাকৰ খুন্দাত উফৰিল লেভেল ক্ৰছিঙৰ গেট

নিয়মীয়া বাৰ্তা, ৪ মে’: মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত ৰে’লৱে লেভেল ক্ৰছিঙৰ গেট এখন মালবোজাই মিনিট্ৰাকে মহটিয়াই নিয়াৰ ফলত গেটখন সম্পূৰ্ণৰূপে ধ্বংস হয় । আজি পুৱা মৰিয়নি- তিনিচুকীয়া ৰে’লপথৰ বাবে যোৰহাট মৰিয়নি পথত থকা ST / 91-SPL নম্বৰৰ ৰে’লগেটখনৰ এটা দিশ ট্ৰাকখনে খুন্দিয়াই ভাঙি পেলায় । উল্লেখযোগ্য যে, নামনিমুৱা লিডু – ৰঙিয়া এক্সপ্ৰেছ ৰে’লখন অহাৰ বাবে লেভেল ক্ৰছিঙৰ গেটমেনে সেইসময়ত গেটখন পেলাইছিল । কিন্তু সেইসময়তে যোৰহাটৰ পৰা মৰিয়নি অভিমুখী এখন মাল বোজাই মিনিট্ৰাকে ক্ৰমশঃ পৰিবলৈ ধৰা গেটখন তীব্ৰবেগত মহটিয়াই নিয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে সেই সময়ত চালকজনে সম্ভৱ তীব্ৰ বেগত গৈ গেটখন পাৰ হ’ব বিচাৰিছিল । কিন্তু এ এচ – ০৩- বি চি- ৫৮৬৫ নম্বৰৰ বাহনখনৰ ওপৰত বোজাই নিয়া কেইবাটাও চিনটেক্স ড্ৰামে গেটখন সম্পূৰ্ণৰূপে মহটিয়াই নিয়ে আৰু এখন গেট ভাঙি পেলায় । ফলত পথটোৰে যাতায়ত বন্ধ হৈ পৰে । স্বাভাৱিকতে তেতিয়া ব্যাপক যানজঁ‌টৰ উদ্ভৱ হয় । সৌভাগ্যক্ৰমে সেইসময়ত তাত থকা কোনো লোক হতাহত নহ’ল । ইফালে সেই সময়তে যাত্ৰীবাহী ৰে’লখনো আহি পোৱাৰ সময় হোৱাত বাধ্যতামূলকভাৱে ৰে’লখন কিছুসময় ৰখাই দিয়া হয় । স্থানীয় ৰাইজৰ সহযোগত ৰে’ল বিভাগে পথটো মুকলি কৰাৰ পিছতহে পথটোৰে যাতায়ত পুনৰাৰম্ভ হয় । মৰিয়নিৰ ৰে’লৱে নিৰাপত্তা বাহিনীৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সামগ্ৰীসহ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে । উল্লেখযোগ্য যে, ৰে’লগেট বন্ধ কৰাৰ সময়ত একাংশ লোকে তীব্ৰ বেগত তেওঁলোকৰ বাহনসমূহ পাৰ কৰাই লৈ যাব বিচাৰে । তেনে কৰাৰ ফলত একাধিক দুৰ্ঘটনা সংঘটিত হৈছে । তৎস্বত্বেও সেইসকল লোকৰ এনেবোৰ ঘটনালৈ যেন কোনো ভ্ৰূক্ষেপ নাই । এই ৰে’লৱে গেটখনত ইয়াৰ পূৰ্বেও একাধিকবাৰ দুৰ্ঘটনা সংঘটিত হৈছে ।

দিব্যজ্যোতি শইকীয়া

You might also like