নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ দুই ‘বন্ধু বিদ্যালয়’ৰ মাজত সাংস্কৃতিক বিনিময় অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ প্ৰাথমিক বিদ্যালয় পৰ্য্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত একাধিক কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। তাৰেই এক অংশস্বৰূপে আজি মৰিয়নি হাইস্কুলত অনুষ্ঠিত হয় এক সাংস্কৃতিক বিনিময় অনুষ্ঠানত। মৰিয়নিৰ বাংলা মাধ্যমৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান মৰিয়নি হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সাংস্কৃতিক বিনিময় অনুষ্ঠানত ‘বন্ধু বিদ্যালয়’ মৰিয়নি ৰে’লৱে বেংগলী প্ৰাথমিক বিদ্যালয় আৰু মৰিয়নি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠাত অংশ লয় ।

উল্লেখ্য যে, এখন উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে অঞ্চলটোৰ আন এখন প্ৰাথমিক বিদ্যালয়ক লৈ ‘বন্ধু বিদ্যালয়’ গঠন কৰা হৈছে । প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত গৈ এনেবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে এক উপযুক্ত মঞ্চ লাভ কৰে। মৰিয়নি অঞ্চলত আজিৰ এই অনুষ্ঠানেই ‘বন্ধু বিদ্যালয়’ৰ প্ৰথমটো অনুষ্ঠান আছিল । মৰিয়নি নগৰাঞ্চলৰ শিক্ষানুষ্ঠানৰ চি আৰ চি চি কৃষ্ণা মিশ্ৰই বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্যসূচী মুকলি কৰে । তেওঁ এই ধৰণৰ অনুষ্ঠানে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰেৰণা দিয়াৰ লগতে তেওঁলোকক উপকৃত কৰিব বুলি মন্তব্য কৰে ।

আনহাতে, এনে অনুষ্ঠানৰ ফলত দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সদ্ভাৱ সম্প্ৰীতি গঢ়ি উঠিব বুলি উল্লেখ কৰি কয়- চৰকাৰী বিদ্যালয়ৰ এনে অনুষ্ঠানে এদিন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানকো চেৰ পেলাবলৈ সক্ষম হ’ব । একেদৰে তেওঁলোকৰ মাজত থকা প্ৰতিভাসমূহ বিকশিত হোৱাৰ ক্ষেত্ৰত ই সহায়ক হ’ব বুলিও তেওঁ লগতে মন্তব্য কৰে । অনুষ্ঠানটোত মৰিয়নিৰ দিব্যজ্যোতি শইকীয়াও উপস্থিত থাকে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী সুপৰ্ণা দে বৰুৱাই আঁ‌ত ধৰা মনোগ্ৰাহী অনুষ্ঠানটোত দুয়োখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশন কৰা গীত, একক নৃত্য, দলীয় নৃত্য, কবিতা আবৃত্তি, অভিনয় আদিয়ে উপস্থিত সকলোৰে মন মোহিত কৰে । মৰিয়নি হাইস্কুলৰ প্ৰধান শিক্ষক বিকাশ ভট্টাচাৰ্য্যই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত ৰে’লৱে বেংগলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সুচিত্ৰা বিশ্বাস, পৰিচালনা সমিতিৰ সভাপতি কাকলি বৈষ্ণৱ, শিক্ষয়িত্ৰী মঞ্জু বসাক, জিন্টু ভৌমিক, মৰিয়নি হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক অপূৰ্ব নাথ, প্ৰশান্ত দাস, শিক্ষয়িত্ৰী চন্দা সিংহ, সুদীপ্তা চক্ৰৱৰ্তী, বন্দনা কলিতা, অপৰূপা বৰা, বিনিতা দাস, হেমাংগী কলিতা আদি উপস্থিত থাকে ।

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰি ওলিওৱা বিজ্ঞান প্ৰকল্পৰ এক আৰ্হি প্ৰদৰ্শনী মুকলি কৰে মৰিয়নি মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক ক্ষীৰোদ ডেকাই । বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বায়ু শক্তি, সৌৰশক্তিৰ দ্বাৰা পৰিচালিত ৰ’প ৱে, বায়ু প্ৰদূষণ, জল প্ৰদূষণ, পৰিবেশ তন্ত্ৰ, সালোক সংশ্লেষণ প্ৰক্ৰিয়া, সৌৰজগত আদিৰ আৰ্হিয়ে সকলোকে মুগ্ধ কৰে । বিদ্যালয়খনৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী সুপৰ্ণা দে বৰুৱাই বিদ্যালয়খনৰ ওপৰত প্ৰস্তুত কৰা এক ভিডিঅ’ও এই অনুষ্ঠানতে প্ৰদৰ্শন কৰা হয় ।

You might also like