মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ দ্বাৰা ৭২ সংখ্যক অসম গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসটি দুদিনীয়াকৈ পালন
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাই প্ৰতিষ্ঠা কৰা অসম গাওঁৰক্ষী বাহিনীয়ে ৭২ সংখ্যক বৰ্ষত ভৰি দিলে। উক্ত প্ৰতিস্থা দিৱস উপলক্ষে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন, গাওঁৰক্ষী বাহিনী প্ৰচেষ্টাত দুদিনীয়া কাৰ্য্য সূচীৱে অনুষ্ঠিত কৰে।৬ তাৰিখে বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই। শোভাযাত্ৰা উদ্বোধন কৰে জিলা আৰক্ষী অধীক্ষক নন্দসিং বৰকলাই।উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে স্বেচ্ছাসেৱক/ সেৱিকাক অনুপ্ৰেৰণা যোগোৱা কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। তেখেতৰ লগত সংগ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীস বৰুৱা, উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা, মৰিগাঁও সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ বড়া,সহায় সভাপতি ৰাজু মহন্ত, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক ক্ৰমে দিপাংকৰ মেহেলা, হিৰণ্য ফুকন,অম্বু বড়া, দিগন্ত কলিতাৰ লগতে প্ৰায় শতাধিক গাওঁৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক/সেৱিকাই। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আবেলি ২ বজাত পবিতৰা হাট প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয়।