মৰিগাঁৱত নিচাযুক্ত দ্ৰৱ্য আৰু জুৱা খেলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান মৰিগাঁও আছুৰ
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ মৰিগাঁও নগৰত বিভিন্ন সমস্যাৰ লগতে দিনক দিনে ড্ৰাগছ,গাঞ্জা,মদ আৰু তীৰ(জুৱা) খেলৰ প্ৰকোপ বৃদ্ধি হৈছে । ইয়াৰ ফলত যুৱ-প্ৰজন্ম ধ্বংস দিশত গতি কৰিছে । মৰিগাঁও নগৰৰ মাজ-মজিয়াত বিভিন্ন ঘাটিত ড্ৰাগছ,মদ,ভাং আদিৰ আদ্দাৰ ৰমৰমীয়া বেহা চলি আছে । ইয়াৰ ফলত বহু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস মুখত গতি কৰিছে আৰু অপৰাধজনীত ঘটনা বৃদ্ধি হোৱাৰ লগতে হত্যাৰ দৰে ঘটনা সংঘটিত হৈছে । কিছু সংখ্যক ফাৰ্মাছীত নিচাযুক্ত দৰৱ সহজতে উপলব্ধ হোৱাত যুৱ-প্ৰজন্ম ইয়াৰ প্ৰতি আসক্তি বৃদ্ধি হৈছে ।
অতি পৰিতাপৰ কথা যে -মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন ড্ৰাগছ,মদ ,ভাং আদি নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন ৰোধ কৰাত ব্যৰ্থ হৈছে । গতিকে মৰিগাঁওৰ মাজ-মজিয়াত অবৈধ নিচাযুক্ত সামগ্ৰী (ড্ৰাগছ,মদ,ভাং আদি)ৰ বিক্ৰী বন্ধ কৰি এই বিক্ৰীৰ লগত জড়িত ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ এটি সঁজাতি দলে জিলা উপায়ুক্ত মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰে ।
এই সঁজাতি দলটোত উপস্থিত থাকে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত,ভা:প্ৰা: সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মন ,উপদেষ্টা ক্ৰমে হিমাংশু মহন্ত,কুঞ্জ বৰা,লোকেন্দ্ৰ চেত্ৰী আৰু বিভিন্ন বিষয়ববীয়াসকল ।