মৰিগাঁওৰ এ চি এছ বিষয়া সীমা দেৱী য়েইনৰ ব্যতিক্ৰমী প্ৰদক্ষেপ
প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ বাবে ছাত্ৰ ছাত্ৰীক নিজেই কৰিছে সচেতনতা পাঠদান
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ কাৰ্যলয়ৰ ফাইল ৰ কামৰ ব্যস্ততা অথবা ব্যক্তিগত লাহ বিলাহৰ উপৰিও সমাজৰ বাবে যে প্ৰশাসনীয় সেৱাৰ বিষয়া সকলৰ দায়িত্ব থাকে সেইয়া প্ৰতিপন্ন কৰিছে মৰিগাঁও জিলাত কৰ্মৰত হৈ থকা এগৰাকী যুৱতী এ চি এছ বিষয়া সীমা ৰাণী য়েইন এ। যোৰহাট জিলাৰ পৰা চাকৰি সূত্ৰে মৰিগাঁওত কৰ্মৰত হৈ থকা এইগৰাকী যুৱতী বিষয়াই আজিৰে পৰা আৰম্ভ কৰিছে একাংশ বিদ্যালয় ত ছাত্ৰ ছাত্ৰী মাজত বিশেষ পাঠদান। এই পাঠ দানৰ জৰিয়তে কিদৰে প্ৰশাসনীয় সেৱাৰ পৰীক্ষা সমূহত উত্তীৰ্ণ হ’ব পাৰি সেইয়া পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰিছে বিষয়া গৰাকীয়ে। মিলনপুৰ সমল কেন্দ্ৰৰ সমল শিক্ষক সকল যুৱ শৰ্মা , ভবেশ ঠাকুৰীয়া আদিৰ সহযোগত আজি মৰিগাঁও কলেজিয়েট বিদ্যালয়ত আৰম্ভ কৰা হয় এই পাঠদান। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক তথা জ্যেষ্ঠ শিক্ষক লেনিন ডেকা, সৰ্ব শিক্ষা অভিযানৰ বিষয়া লক্ষীনন্দন শইকীয়া প্ৰমুখ্যে বিদ্যালয় খনৰ শিক্ষক সকল। কপিলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সীমা দেৱী য়েইনৰ পৰিকল্পনা যে অফিচৰ ব্যস্ততাৰ মাজত আহৰি পালেই তেওঁ বিভিন্ন বিদ্যালয়লৈ যাব । ছাত্ৰ ছাত্ৰী সকলৰ মাজত সচেতনতা বৃদ্ধিৰ চেষ্টা কৰিব।