নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলাৰ ঐতিহাসিক বৰচলা বিলত হোৱা অনুপ্ৰৱেশকাৰীৰ দখল মুক্ত অভিযানৰ প্ৰতিবেদন

নিয়মীয়া বাৰ্তা ২৮ মেঃ মৰিগাঁও জিলাৰ লাহৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰচলা গাঁৱৰ হাইথাপৰা বিলত হোৱা অবৈধ বেদখল আজি জিলা প্ৰশাসনৰ নেতৃত্বত বেদখল মুক্ত কৰা হয়। জিলা প্ৰশাসনক সহযোগ কৰে মৰিগাঁও জিলাৰ জনসংখ্যা সমাধান ফাউণ্ডেছনৰ অধ্যক্ষ পুলিন কাকতিৰ , হিন্দু জাগৰণ মঞ্চৰ সভাপতি জ্যোতিপ্ৰসাদ দাস, সম্পাদক উৎপল কুমাৰ নাথ,‌ তোলেন মেধি, চতিন্দ্ৰ ডেকা সহ এটি দলে । বিলখনত একাংশ সন্দেহযুক্তলোকে পৰিকল্পিত ভাৱে প্ৰায় ৮১বিঘামান মাটিত পুখুৰী খন্দাৰ চলেৰে বেদখল কৰিবলৈ লয় । এনেদৰে বেদখল হোৱাটো জনসংখ্যা সমাধান ফাউণ্ডেছন সক্ৰিয় সদস্য তথা জিলা প্ৰশাসনৰদ্বাৰা পুৰস্কাৰ প্ৰাপ্ত আৰ্দশ কৃষক, সমাজকৰ্মী শশীদানন্দ বৰদলৈয়ে বেদলকাৰীক তেনে কাম নকৰিবলৈ কোৱাত, তেখেতক বেদখলকাৰীয়ে মৃত্যুৰ ভাবুকি প্ৰদান কৰে । উপায়ন্তৰ হৈ তেখেতে জিলা প্ৰশাসনৰ সহায় বিচাৰত আজিৰ পৰা বেদখলাকৃত জলাশয় ভূমি বেদখলমুক্ত কৰা কাৰ্যসূচী জিলা প্ৰশাসনে হাতত লয়।

জৈৱ বৈচিত্ৰৰ লীলা ভুমি এই বিল জলাশয় সমূহ ধংস কৰি প্ৰকৃতিৰ লগতে সমগ্ৰ জীৱ কুলক বিপদত পেলোৱা জনসংখ্যা বিস্ফোৰণক কঠোৰ ভাবে ৰোধ কৰিবলৈ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সকলো ধৰণৰ সজাগতা সৃষ্টিত সকলো সমাজ প্ৰিয় প্ৰকৃতি প্ৰেমী ৰাইজৰ সহায় সহযোগ আহ্বান কৰিছে ফাউণ্ডেশ্যনৰ মৰিগাওঁ জিলাৰ অধ্যক্ষ পুলিন কাকতি, সংযোজক উৎপল শৰ্মাই।
জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্ত আৰু উত্তৰ-পূব ক্ষেত্ৰৰ তদাৰকত মৰিগাওঁৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ ভুমিপুত্ৰৰ আৱাসস্থলত অনুপ্ৰবেশকাৰী মূলৰ এনে আক্ৰমণক প্ৰতিহত কৰিবলৈ অনাগত সময়ত সকলো মৰিগাওঁ বাসী ভুমিপুত্ৰক একগোট হবলৈ আহ্বান জনাইছে ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই । শৰ্মা ডাঙৰীয়াই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাওঁ জিলাৰ সকলো কাৰ্য্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু অসমৰ অন্য জিলা সমূহৰ বাবেও এই কাৰ্য্য আদৰ্শ ৰূপে লৈ অসমৰ জাতি মাটি ভেটি কৃষ্টি-সংস্কৃতি ভাষা আৰু ধৰ্ম ৰক্ষাৰ হকে জন সজাগতা আভিযানক সফল ৰূপ দিবলৈ অনুৰোধ জনাইছে। ৰাইজে মাৰ বান্ধি ওলাই আহিলে এনে ধৰণৰ অবৈধ বেদখল সমুহ মুক্ত কৰিব পৰা যাব।

You might also like