মৰিগাঁৱৰ জালুগুটিত একশৰণ ভাগৱতী সমাজৰ অষ্টপ্ৰহৰ মহা পালনাম
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ সেৱক তথা একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম দাস বাপ জনাই বিশ্ব শান্তি আৰু জীৱ জগতৰ পৰম মঙ্গল আৰু কল্যাণ সাধনৰ বাবে আৰম্ভ কৰিছিল অষ্টপ্ৰহৰ মহা পালনাম ৷
এই পালনাম মহোৎসৱে এইবাৰ ৫২ বৰ্ষত ভৰি দিলে ৷ সেয়ে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ৪ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ তিনিদিনিয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ জালুগুটি অষ্টপ্ৰহৰ পালনাম থানত অনুষ্ঠিত হ’ৱ একশৰণ ভাগৱতী সমাজ অসমৰ অষ্টপ্ৰহৰ মহাপালনাম মহোৎসৱ ৷
৪ মাৰ্চৰ পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গৰে কাৰ্যসূচী আৰম্ভ কৰি পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন , বৃক্ষৰোপণ, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা , দুপৰীয়া ১২ বজাত মধ্যাহ্ন প্ৰসঙ্গ , ১ বজাৰ পৰা ভকত আদৰণি , বিয়লি ৩ বজাত আচাৰ্য প্ৰনাম , ৩-৩০ বজাৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়া ৬ বজাৰ পৰা জপযজ্ঞ অনুষ্ঠিত হৱ ৷
৫ মাৰ্চৰ পুৱা ৪ বজাত শৰাই অৰ্চনা আৰু প্ৰাতঃপ্ৰসঙ্গ , পুৱা ৫ বজাত খোল প্ৰসঙ্গ আৰু পুৱা ৬ বজাৰ পৰা অষ্টপ্ৰহৰ জুৰি অখণ্ড মহাপালনাম কীৰ্ত্তন আৰম্ভ ৷ সন্ধিয়া ৬ বজাত গুণমালা কীৰ্ত্তন আৰু সন্ধিয়া ৭ বজাত সন্ধ্যা প্ৰসঙ্গ ৷
আনহাতে ৬ মাৰ্চৰ পুৱা ৬ বজাত মহাপালনাম কীৰ্ত্তন সামৰণি আৰু কৃপা প্ৰাৰ্থনা , ৭ বজাত ভাগৱত শোভাযাত্ৰা ৷ বিয়লি ২ বজাত নাম কীৰ্ত্তন আৰু বিয়লি ৪ বজাত ধৰ্মধ্বজা অৱতৰণেৰে ৫২ সংখ্যক মহাপালনাম মহোৎসৱ সামৰণি পৰিব বুলি একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰধান সচিৱ জ্যোতিপ্ৰসাদ দাসে জানিবলৈ দিয়ে ৷
প্ৰেৰক মানস নাথ