মৰিগাঁও আৰক্ষীৰ অভিযান বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ:এজনক আটক
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰ:– মৰিগাঁও জিলাৰ মিকিৰ গাঁৱত মৰিগাঁও আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ কৰাৰ লগতে হৰমুজ আলি নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মৰিগাঁৱৰ জালুগুটি পহৰা চকীৰ অন্তৰ্গত মিকিৰ গাঁৱৰ হৰমুজ আলিয়ে বেলেগ বেলেগ ঠাইৰ পৰা গুৰ আনি চেনী সংমিশ্ৰণ কৰি বিক্ৰী কৰি আহিছিল। উক্ত লোক জনে গুৰত ৰাসায়নিক সংমিশ্ৰণ কৰি ভেজাল গুৰৰ এখন ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। মৰিগাঁও আৰক্ষীয়ে আজি চলোৱা অভিযান কালত পুৰণি গুৰ গলাই নতুনকৈ পেকেট কৰি থকাৰ সময়তে ১০ বস্তা চেনী, নতুনকৈ পেকেট কৰা ২২ টাকৈ টিনগুৰ, ১০ পাচি গুৰ আৰু ১৭১ টা ১০ কেজি ওজনৰ পলিথিনৰ পেকেট জব্দ কৰাৰ লগতে ধৃত হৰমুজ আলিক আটক কৰে। ইফালে, মৰিগাঁও আৰক্ষীয়ে জব্দ কৰা গুৰৰ কোনো ধৰণৰ নথি-পত্ৰ লাভ কৰা নাই বুলি জানিব পৰা গৈছে। ইপিনে, মৰিগাঁও আৰক্ষীয়ে ধৃত হৰমুজ আলিক আটক কৰি ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।