নগাঁৱত পুত্ৰৰ বন্ধুৰ ছুৰিকাঘাতত আহত মাতৃ
বিশেষ বাৰ্তা, ২৯ জুলাইঃ নগাঁও চহৰৰ কচলুখোৱাত এগৰাকী মহিলা প্ৰতিৱেশী যুৱকৰ আক্ৰমণৰ বলি হব লগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। জানিব পৰামতে মহিলাগৰাকীৰ পুত্ৰৰ বন্ধু এজন যুৱকে এই ঘটনা সংঘটিত কৰিছে। কচলুখোৱাৰ অঞ্জনা বৰা নামৰ মহিলাগৰাকীৰ ঘৰলৈ তেওঁলোকৰ প্ৰতিৱেশী হিচাপে থকা অপু গুহ নামৰ যুৱকজন কালি দিনৰ ভাগত আহিছিল। মহিলাগৰাকীৰ ঘৰতে দিনৰ আহাৰ খোৱাৰ পিছত জিৰণি লোৱাৰ ছলেৰে বিছনাত শুই পৰে যুৱকজন। বিয়লি মহিলাগৰাকীয়ে যুৱকজনক তেওঁলোকৰ ঘৰৰ পৰা যাবলৈ কৈছিল যদিও যুৱকজন যোৱা নাছিল। সন্ধিয়া মহিলাগৰাকীয়ে ঘৰতে থকা উপাসনাস্থলীত প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ সময়তে অপুৱে মহিলাগৰাকীক পিছফালৰ পৰা গবা মাৰি ধৰি পেট আৰু ভৰিত আঘাত কৰে। ফলত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয়। মহিলাগৰাকীৰ পুত্ৰক শোৱা কোঠাতে অপুৱে দুৱাৰ মাৰি আবদ্ধ কৰি ৰাখি এই আক্ৰমণ কৰে। মহিলাগৰাকীৰ চিঞৰত ওচৰ চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হোৱাত পিছফালৰ দুৱাৰেদি অপু পলাই যাবলৈ সক্ষম হয়। ছুৰিকাঘাতৰ সময়ত অপুৱে পইচা পইচা বুলি চিঞৰা বুলি মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। স্থানীয় একাংশ লোকে পইচাৰ বাবে যুৱকজনে এই ঘটনা সংঘটিত কৰিব পাৰে বুলি মন্তব্য কৰিছে যদিও যুৱকজনে এই ঘটনা সংঘটিত কৰিলে তাৰ সবিশেষ কাৰণ পোহৰলৈ অহা নাই। যুৱকজন আগতেও মহিলাগৰাকীৰ ঘৰলৈ আহিছিল যদিও এনে আচৰণ কৰা নাছিল বুলি জানিব পৰা গৈছে। সম্প্ৰতি মহিলাগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মহিলাগৰাকীৰ পৰিয়ালে মৰিকলং আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে অভিযুক্ত অপুক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। এগৰাকী মহিলাক নিজৰ ঘৰতে এজন প্ৰতিবেশী যুৱকে আক্ৰমণ কৰা ঘটনাক নগাঁৱৰ সচেতন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে। এই ঘটনাৰ জড়িত যুৱকজনক কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে।
প্ৰেৰক কনক হাজৰিকা