বাঘজান কাণ্ডৰ নেপথ্য কাহিনীঃ আশ্ৰয় শিবিৰত সাংসদ বিশ্বজিৎ দৈমাৰী
সহসী যুৱক বিতোপন নেওগক বিভিন্নজনৰ অভিনন্দন/ বীৰ আখ্যা
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানেই হওক বা ঠিকাদাৰী কোম্পানী জ’ন এনাৰ্জী কোম্পানী লিমিটেডৰ ভুলৰ বাবেই হওক বঘজান ৰিগ নম্বৰ ৫ (গেছ কূপ)ত ব্ল’আউট হৈ অৱশেষত লংকাকাণ্ডৰ সূত্ৰপাত হ’ল। তাৰ পৰৱৰ্ত্তী সময়ত অইল, চৰকাৰ, দল- সংগঠনৰ নেতা কিম্বা স্থানীয় গ্ৰাম্যসংগঠনৰ নেতৃত্বৰ মাজত বিভিন্ন সংঘাতৰো সৃষ্টি হ’ল। তেল- গেছ নিৰ্গমণ আৰু তাৰ পৰা সৃষ্টি হোৱা অগ্নি কাণ্ডই ঘটনাস্থলীৰ নিকটৱৰ্তী অঞ্চলত খাণ্ডৱ দাহৰ সৃষ্টি কৰাৰ লগতে দুজন কৰ্মচাৰীৰ প্ৰাণ পৰ্যন্ত ললে।
তাৰ পাছত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰী, উদ্যোগমন্ত্ৰীকে ধৰি বিভিন্নজন ৰাজনৈতিক আৰু অৰাজনৈতিক নেতা আহি বাঘজানবাসীক আশ্বস্ত কৰাৰ চেষ্টা চলালে। মুখ্যমন্ত্ৰীয়ে কেইবাটাও অভিলাষী পেকেজো ঘোষণা কৰি গ’ল, যি কেইটা পেকেজ আচলতে কাহানিবাই বাঘজানবাসীক দিব লাগিছিল পনীয়া সোণ চুহি নিয়া অইল কৰ্তৃপক্ষই। স্থানীয় ৰাইজে জাতীয়- জনগোষ্ঠীয় সংগঠনক একপ্ৰকাৰে একাষৰীয়া কৰি মিলনজ্যোতি যুৱকসংঘকেই সমগ্ৰ প্ৰক্ৰিয়াটোত নেতৃত্ব বহনৰ কৰ্তৃত্ব প্ৰদান কৰিছে। যাৰ বাবে কালি মুখ্যমন্ত্ৰীক সামাজিক আৰু প্ৰাকৃতিক সমস্যাৰ ওপৰত এক স্মাৰক পত্ৰ দি একাষাৰ বক্তব্য দাঙি ধৰিবলৈ গৈ ডুমডুমা নিৱাসী পদ্ম মৰাণ নামৰ ৬৮ বছৰীয়া ব্যক্তিগৰাকী স্থানীয় যুৱকৰ ৰোষৰ বলি হ’ল বুলিও চৰ্চা চলিছে।
মৰাণ জনগোষ্ঠীয় সংগঠনৰ প্ৰাক্তন নেতা বৰ্ষীয়ান ব্যক্তিগৰাকীক মুখ্যমন্ত্ৰীৰ সমুখতে শাৰীৰিকভাৱে অপদস্থ কৰা হ’ল। এই সন্দৰ্ভত জানিব বিচৰাত বাঘজানত ৰাজনৈতিক পৰিৱেশ নিয়ন্ত্ৰণৰ দায়িত্বত থকা শাসক দলৰ এজন নেতাই কয় যে উক্ত ঘটনাত দুয়োপক্ষৰ মাজতে কম- বেছি পৰিমাণে দোষ আছে। মিলনজ্যোতি যুৱক সংঘৰ জৰিয়তে যিহেতু এখন উমৈহতীয়া স্মাৰক পত্ৰ দিয়া হৈছেই, তেনেস্থলত সমাজৰ এজন সন্মানীয় লোক হৈও পৰিস্থিতিৰে নিজক খাপ খোৱাব নোৱাৰিলে। একেদৰে নেতৃত্ববহন কৰা একাংশইও আত্মকেন্দ্ৰিক ভূমিকা পালন কৰাৰ কথা তেওঁ সদৰি কৰে। একাংশই অইলক সুৰক্ষা প্ৰদান কৰাতহে অধিক গুৰুত্ব দিয়া দেখা গৈছে বুলিও টিপ্পনী দিলে। ইফালে ৰেড জ’নৰ বাদে আজিৰ তাৰিখত নিজ ঘৰখনলৈ উভতি যাব পৰা সকলেও আশ্ৰয় শিৱিৰ ত্যাগ কৰা নাই বুলিও তেওঁ কয়।
তেওঁৰ মতে আশ্ৰয় শিৱিৰৰ নামত ক্যেন্টিন চলাই দহ দিনৰ মূৰে অইলৰ পৰা বিলৰ টকা আহৰণ কৰা স্থানীয় যুৱকৰ দলৰ ব্যৱসায়(!) বৰ্তাই ৰখাৰ স্বাৰ্থতেই শিৱিৰৰ বাসিন্দাৰ সংখ্যা হ্ৰাস হোৱাটো বিচৰা নাই। তাৎপৰ্যপূৰ্ণ কথা যে অগ্নিকাণ্ড সূত্ৰপাতৰ ঘটনাৰ দিনা বাঘজান এম স্কুলত বাহৰ পাতি থকা ব্যক্তি সককজ কৰ্দৈগুৰি হাইস্কুললৈ স্থানান্তৰ কৰা হৈছিল যদিও সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত পুনৰ ঘটনাস্থলীৰ নিকটৱৰ্তী বাঘজান এম্ ই স্কুলস্থিত শিৱিৰটোলৈকে পুনৰ উভতি আহে। পেলনীয়া খাদ্যসামগ্ৰীৰে প্ৰদূষণৰ সৃষ্টি হোৱা শিৱিৰটোতে ঘটনাত সৰ্বাতোতকৈ ক্ষতিগ্ৰস্থ লোকসকলে আশ্ৰয় গ্ৰহণ কৰিছে। ইফালে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত ৰাজহুৱাকৈয়ে যুৱকসংঘটোৱে সন্থা বৰ্জনৰ ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ তেনে মানসিকতা ত্যাগ কৰাৰ কথা জানিব পৰা গৈছে। ‘মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই’ এটা হুমুনিয়াহ কাঢ়ি গগৈ উপাধিৰ এজন প্ৰকৃতিপ্ৰেমীয়ে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰিলে ‘মই আৰু এই স্থানলৈ নাহো। এই সংকটকালত স্থানীয় লোক একত্ৰিত নহ’লে বাঘজান দ্বিতীয় ভূপাল হ’বলৈ সৰহ দিন নালাগিব। অপ্ৰিয় সত্য যে নিজৰ মাজতে বহুধা বিভক্ত হ’লে জাতি- ভাই নিপীড়িত হয়।’ এজন সংবাদকৰ্মীয়ে তাৎপৰ্যপূৰ্ণভাৱে কলে যে কোম্পানী কিম্বা চৰকাৰী সাহাৰ্য প্ৰাপ্তিৰ আশাত একাংশ ক্ষতিগ্ৰস্থ নোহোৱা লোকেও সাহাৰ্য শিৱিৰৰ আশ্ৰয় লৈছে।
ভাল কামঃ আজি সাংসদ বিশ্বজিৎ দৈমাৰীৰ সতে যোৱা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি সতীৰ্থ সককে আশ্ৰয় শিৱিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি পা-পৰামৰ্শ আগবঢ়ায়। তদুপৰি অগ্নিকাণ্ড সংঘটিত হোৱা দিনা জলাশয়ত জপিয়াই দিয়া আকাশজ্যোতি দাস নামৰ অ’ এন জি চিৰ কৰ্মচাৰীজনক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দুঃসাহসিক ভূমিকা পালন কৰা বিতোপন নেওগ নামৰ স্থানীয় যুৱকজনক ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে ক্ৰমে সাংসদ বিশ্বজিৎ দৈমাৰী, অৰুণজ্যোতি মৰাণ আৰু মিলনজ্যোতি যুৱক সংঘই। নিজৰ জীৱনকো তুচ্চ কৰি আকাশৰ প্ৰাণ ৰক্ষা কৰা কাৰ্যক দৈমাৰী আৰু অৰুণজ্যোতিয়ে সহজ- সৰল বাঘজান অঞ্চলৰ যুৱক বিতোপনক বীৰ আখ্যা দিয়ে। (ফটো)