ছিপাঝাৰত শিল্পী কল্যাণ নিধিৰ শুভাৰম্ভণি মৃণালিনী দেৱীৰ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ বিষ্ণু ৰাভা দিৱসৰ পৱিত্র দিনটোতে দৰিদ্র শিল্পীসকলৰ কল্যাণার্থে ছিপাঝাৰত আত্মপ্রকাশ ঘটে অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধি শীর্ষক এক সংগঠনৰ৷ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে উদ্যোগ লৈ গঠন কৰা অবিভক্ত দৰং লোকশিল্পী কল্যাণ নিধি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷
পাথৰিঘাট কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত ‘সুৰৰে দেউলৰে’ শীর্ষক অনুষ্ঠানত সাহিত্যিক মৃণালিনী দেৱীয়ে এই নিধি আনুষ্ঠানিকভাৱে মুকলি কৰি এগৰাকী মহান শিল্পীৰ স্মৃতি দিৱসৰ দিনটোতেই দুখীয়া–দৰিদ্র শিল্পীৰ কল্যাণৰ বাবে গঠিত নিধি মুকলি কৰিবলৈ পাই সুখী হোৱা বুলি উল্লেখ কৰি পৰিকল্পনা অনুসৰিয়েই বাস্তৱ অর্থতো কাম কৰিবলৈ উদ্যোক্তাসকলক আহ্বান জনায়৷
উল্লেখ্য যে প্রাক্তন সাংস্কৃতিক সঞ্চালক স্বপ্ণনীল বৰুৱাই বিষ্ণু ৰাভাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যার্পণেৰে কার্যসূচীৰ শুভাৰম্ভ কৰা অনুষ্ঠানত শিল্পী কল্যাণ নিধিৰ হৈ বিধায়ক ড০ ৰাজবংশীয়ে ক্রমে দৰঙৰ বিশিষ্ট নাট্যশিল্পী হেমন্ত দত্ত, এসময়ৰ ভ্রাম্যমাণৰ শিল্পী ধীৰেন ডেকাৰ লগতে ভ্রাম্যমাণৰ দুগৰাকী বিশিষ্ট অভিনেতা দেওমৰনৈ নিৱাসী পৰেণ গোস্বামী আৰু যোগেশ কাশ্যপক আর্থিক সাহায্য আৰু সম্বর্ধনা জ্ঞাপন কৰে৷
আনহাতে, ২০২১বর্ষৰ বিষ্ণু ৰাভা বঁটাৰ বাবে মনোনীত শিল্পী দ্রোণ ভূঞাকো আজিৰ অনুষ্ঠানত বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷ উল্লেখ্য যে ৰাষ্ট্রীয় পর্যায়ৰ প্রতিভাসম্পন্ন দৰঙৰ শিল্পী মানসী চহৰীয়াৰ এটা গীতেৰে শুভাৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানতে পৰমানন্দ ৰাজবংশীৰ সুৰ–কথা সমৃদ্ধ আৰু তৰালী শর্মাৰ কণ্ঠৰ আৰু স্বপ্ণালী বৰগোহাঞি প্রযোজিত ‘মৰমৰ দেউতা’ শীর্ষক গীত উন্মোচন কৰে স্বপ্ণনীল বৰুৱাই৷ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তৰালী শর্মা আৰু শ্রুতি গোস্বামীয়েও গীত পৰিৱেশন কৰাৰ লগতে দূৰদর্শনৰ অৱসৰী বিষয়া দেৱেন বসুমতাৰী আৰু জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ৰমেন মালাকাৰেও ব্যক্ত কৰে নিজৰ অনুভৱ৷