নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লেখিকা সন্থাৰ ৰূপকোঁৱৰক স্মৰণ অনুষ্ঠানত মৃণালিনী দেৱী

নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ  অসম লেখিকা সন্থাৰ অন্তর্গত বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰী  শাখা লেখিকা সন্থাৰ উদ্যোগত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ স্মৃতিচাৰণ সভাখন অসম সাহিত্য সভাৰ গুৱাহাটীৰ জয়ন্ত কুমাৰ–লখিমী বৰুৱা সদনত সন্থাৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ উপ–সভাপতি তথা লেখিকা শাখাৰ সভাপতি মৃণালিনী দেৱীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷ সভাৰ প্রাৰম্ভতে অসমীয়া জাতিৰ আত্মপৰিচয় স্বাভিমান জ্যোতিপ্রসাদৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জনোৱা হয় আৰু পদ্মশ্রী সূর্য হাজৰিকাৰ পৰিচালনাত ৰূপান্তৰৰ শিল্পী জ্যোতিপ্রসাদ তথ্যচিত্রখন প্রদর্শন কৰা হয়৷ শাখা লেখিকা সন্থাৰ সম্পাদিকা ৰুণুমী লহকৰ বার্মাই আঁত ধৰা সভাখনত প্রবীণ শিল্পী সুকুমাৰ শর্মাক তেওঁৰ সংগীত শিল্পৰ সাধনাৰ স্বীকৃতিস্বৰূপে সম্বর্ধনা জনোৱা হয়৷

সভাখন উদ্বোধন কৰে অসম লেখিকা সন্থাৰ সম্পাদিকা নিৰু শর্মা পৰাজুলিয়ে৷ সন্থাৰ সদস্যাসকলে অসমৰ সমাজজীৱনৰ পৰা লাহে লাহে হেৰাই যাব ধৰা লোকগীত, বিয়ানাম পৰিৱেশন কৰি বিয়ানামসমূহক প্রৱহমান কৰাৰ প্রয়াস কৰে৷ বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰ্ শাখা লেখিকা সন্থাৰ কাব্য সংকলন ‘জ্যোতিস্মৃতি’ উন্মোচন কৰে গল্পকাৰ বিষ্ণু ডেকাই৷ মুখ্য অতিথিৰ ভাষণত পদ্মশ্রী সূর্য হাজৰিকাই জ্যোতিপ্রসাদৰ জীৱনচর্যা আৰু সৃষ্টিৰাজিৰ বিষয়ে বহলাই কয়৷ আমন্ত্রিত অতিথি কবি দুর্গেশ্বৰ পাঠকে জ্যোতিপ্রসাদৰ কবিতাৰ ওপৰত আলোকপাত কৰে৷ সভাপতিৰ ভাষণত আদর্শ মাতৃ মৃণালিনী দেৱীয়ে ঋষি অৰবিন্দৰ সমাজ চেতনাবোধ আৰু মানৱীয় প্রমূল্যবোধৰ বাণীৰ উদ্ধৃতিৰে লেখিকাসকলক মানৱীয় দৃষ্টিভংগীৰে সকলোৰে বাবে, বিশেষকৈ শিশুসকলৰ বাবে সাহিত্য সৃষ্টি কৰি জ্যোতিপ্রসাদৰ দৰে মহান শিল্পী–সাহিত্যিকসকলৰ সৃষ্টিৰাজিক প্রৱহমান কৰি ৰাখিব পাৰিলেহে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা পৰিব বুলি কয়৷ সভাত শলাগ জ্ঞাপন কৰে অঞ্জু বৰাই৷

You might also like