নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃণালিনী দেৱীক সমাজৰত্ন বঁটা প্রদান সমন্বয় শিল্পী–সাহিত্য পৰিষদৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ সমন্বয় শিল্পী সাহিত্য পৰিষদৰ উদ্যোগত আৰু ভাৰতীয় দলিত সাহিত্য একাডেমী আৰু পদ্মা লাইব্রেৰীৰ সহযোগত আজি গুৱাহাটী প্রেছ ক্লাবত গল্পকাৰ দিলীপ বর্মনৰ তিনিখন গ্রন্থ উন্মোচন কৰা হয়৷ গল্পকাৰ বর্মনৰ গল্প সংকলন ‘মেঘে ঢ়কা সূর্য’ উন্মোচন কৰে গল্পভাস্কৰ ৰিজু হাজৰিকাই৷ ‘চিনাকি দেশৰ মানুহ’ শীর্ষক জীৱনী গ্রন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে৷ ‘সাধনাৰ কৃতিত্ব’ শীর্ষক গ্রন্থখন উন্মোচন কৰে বার্তাপখিলীৰ সম্পাদক ব্রজেন্দ্র নাথ ডেকাই৷ এই অনুষ্ঠানতে কৃতী শিক্ষক বীৰেন্দ্র কুমাৰ নাথৰ ‘পদচিহ্ণ’ আৰু ‘যাত্রা’ নামৰ গ্রন্থ দুখনো উন্মোচন কৰা হয়৷ এই অনুষ্ঠানতে সমন্বয় শিল্পী সাহিত্য পৰিষদৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীক সমাজৰত্ন বঁটা, গল্পভাস্কৰ ৰিজু হাজৰিকাক সাহিত্যৰত্ন বঁটা, ব্রজেন্দ্র নাথ ডেকা, নীলিমা দেৱী ভাগৱতী, বিপিন চন্দ্র কলিতা আৰু চাইফ উদ্দিন আহমেদক সাহিত্য সাধনা বঁটা, মহেশ চন্দ্র শর্মাক জীৱনজোৰা সাধনা বঁটা, সুৰেন্দ্র নাথ বার্মা আৰু বীৰেন্দ্র কুমাৰ নাথক জীৱনজোৰা শিক্ষা সাধনা বঁটা, ক্ষীৰদা বুজৰবৰুৱাক জীৱনজোৰা সাহিত্য সাধনা বঁটা, সুৰেন্দ্র নাথ কাকতিক কাব্যভূষণ উপাধি, দধিৰাম ডেকাক জীৱনজোৰা কলা সাধনা বঁটা, ভগৱান চন্দ্র বর্মন আৰু প্রশান্ত বৰাক শিক্ষা সাধনা বঁটা প্রদান কৰা হয়৷

You might also like