নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নির্বাচনত বুজাবুজি হ’ব অগপ–বিজেপিৰ

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ  কংগ্রেছৰ বেলি এতিয়া পশ্চিম আকাশত৷ কংগ্রেছৰ দিন এতিয়া উকলি গ’ল৷ অসমৰ জনতাই, ভাৰতৰ জনতাই কংগ্রেছক এতিয়া বাদ দিছে৷ কংগ্রেছ দল পৰিয়ালতান্ত্রিক৷ ইন্দিৰাৰ পাছত ৰাজীৱ, ৰাজীৱৰ পিছত ছোনিয়া, ছোনিয়াৰ পিছত ৰাহুল৷ এটা পৰিয়ালক তুষ্টিকৰণেই আছিল কংগ্রেছৰ লক্ষ্য৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ৷ শুকুৰবাৰে বৰপেটাত বিজেপিৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন বিশেষ সাংগঠনিক সভাত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় ভাৰতীয় জনতা পার্টীত তুষ্টিকৰণৰ ৰাজনীতি নাই৷ এই দল কার্যকর্তাৰ দ্বাৰা নির্মিত দল৷ নিষ্ঠাৱান কার্যকর্তা, দলৰ প্রতি সমর্পিত কার্যকর্তাসকলক দলে সদায় প্রাধান্য দি আহিছে৷ আমাৰ প্রতিজন কার্যকর্তা দেশৰ প্রতি সমর্পিত৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱ দর্শনৰ বাবে আমি কাম কৰি যাম৷ বিন্দুৰ পৰা যিদৰে ৰেখা হয়, ঠিক তেনেদৰে জনসংঘৰ মহান নেতাসকলে এটা বিন্দুৰ পৰা ৰেখা টানিছে৷ আৰু আজি সেই ৰেখাৰ দৰেই বাঢ়ি বাঢ়ি বিজেপি বটবৃক্ষত পৰিণত হৈছে৷ বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাসৰ সভাপতিত্বত অনুষ্ঠিত আৰু জিলাৰ সাধাৰণ সম্পাদক হেমন্ত দেউৰীয়ে আঁত ধৰা বিশেষ সাংগঠনিক সভাত উপস্থিত থকা জিলা বিজেপিৰ কার্যকর্তাসকলৰ উদ্দেশ্যে দিয়া ভাষণত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আৰু কয় আমাৰ বিসম্বাদ নাই, আমাৰ দলত শৃংখলাবদ্ধতা আছে, কিন্তু অন্য দলত শৃংখলা নাই৷ বহু দল তাচপাতৰ দৰে খহি গৈছে৷ দলৰ বাবে ৰাষ্ট্রৰ বাবে আমাৰ কার্যকর্তাসকলে নিষ্ঠাৰে কাম কৰিব লাগিব৷ আমাৰ শিপা আমাৰ ভেটি আৰু মজবুত কৰিব লাগিব৷ চৰকাৰ নিমিত্ত মাত্র, কার্যকর্তাহে মূল৷ কার্যকর্তাই চৰকাৰ বনাইছে৷ সামাজিক কার্যকর্তা আৰু দলৰ নিষ্ঠাৱান কার্যকর্তাক আমি প্রাধান্য দিব লাগিব৷ আমাৰ চান্দাও নাই ধান্দাও নাই৷ আমি সম্পর্ক ৰক্ষা কৰিব লাগিব৷ সম্পর্ক অভিযান তীব্রতৰ কৰিব লাগিব৷ বুথ আমি অধিক শক্তিশালী কৰিব লাগিব৷ আমি জনতা জনার্দনক সেৱা কৰিব আহিছেছা৷

এই বিশেষ সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কার্যবাহী সদস্য গৌতম দাস, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি তথা বৰপেটা জিলাৰ প্রভাৰী জয়ন্ত দাস, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঞি, ৰাজ্যিক সম্পাদক বিকুল ডেকা, বৰপেটা জিলাৰ সহঃ প্রভাৰী শশাংকজ্যোতি ডেকা, ভাষিক সংখ্যালঘু পৰিষদৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাস উপস্থিত থাকে৷ বিশেষ সাংগঠনিক সভাৰ পূর্বে বিজেপিৰ পুৰণি জ্যেষ্ঠ কার্যকর্তা সত্যকৃষ্ণ মিশ্র, ভগৱান ভৰালী, শিশিৰ চৌধুৰী, প্রদীপ মিশ্র, অঞ্জলি দাস চৌধুৰী, ধীৰেন দাস আৰু ফুলেন দাসক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বর্ধনা জনায়৷

ইপিনে সভাৰ অন্তত সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কৰা মন্তব্যৰ প্রত্যুত্তৰ দিয়ে৷ ভূতক বিহলঙনীৰে খেদাৰ দৰে বিজেপিকো ৰাইজে বিহলঙনীৰে কোবাই খেদিববুলি ৰাণা গোস্বামীয়ে কৰা মন্তব্যৰ প্রত্যুত্তৰ দি ভৱেশ কলিতাই কয়, ৰাণা গোস্বামীয়ে গমেই নাপালে যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ ঠেঙাল পৰিষদীয নির্বাচনত আমি সর্বোচ্চ আসন দখল কৰিলোঁ৷ তাতেই কংগ্রেছে মুখ থেকেচা খালে৷ কংগ্রেছৰ প্রার্থীসকল তৃতীয় স্থানত থাকিল৷ মুখ্যমন্ত্রীৰ বিৰামহীন প্রগতি যাত্রাৰ বাবে বিৰোধী বিধায়কসকল আপ্লুত হৈছে৷ বিৰোধী বিধায়কসকলকে তেওঁলোকে ৰাখিব পৰা নাই৷ বিৰোধী বিধায়কসকলেই এতিয়া বিৰামহীন প্রগতি যাত্রাৰ সংগী হ’ব বিচাৰিছে৷ আনহাতে ভূপেন বৰাৰ কবিতা চর্চাৰ প্রসংগত তেওঁ কয়, ভূপেন বৰাই সাহিত্য সভাত যাব নেকি এতিয়া৷ তেওঁ সাহিত্য চর্চা কৰি থাকক৷ কবিতা, গল্প লিখিবলৈ সময় পাইছে৷ ৰাইজে তেওঁলোকক প্রত্যাখ্যান কৰিছে গতিকে কিবা নহয় কিবা এটা কৰিবই লাগিব৷ মই তেওঁক কবিতা লিখাৰ বাবে শুভেচ্ছা জনাইছেছা ৷ ইপিনে আগন্তুক পৌৰসভা নির্বাচনতো অগপৰ স’তে মিত্রতা হ’ব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷  আগন্তুক পৌৰসভা নির্বাচনত অগপ–বিজেপিয়ে বুজাবুজিৰ মাজেৰে অৱতীর্ণ হ’ব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ শুকুৰবাৰে বঙাইগাঁও জিলা বিজেপি কার্যালয়ত আয়োজিত সাংগঠনিক সভাত অংশ লৈ ৰাজ্যিক সভাপতি কলিতাই এই মন্তব্য কৰে৷ আনহাতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই শেহতীয়াভাৱে কবিতা লিখি বিজেপিক কৰা সমালোচনাৰ প্রত্যুত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়– ভূপেন বৰাই কবিতা লিখিব সময় পাইছে, সেয়া ভাল কথা৷ এতিয়া তেওঁ সাহিত্য সভাৰ পিনে যোৱাৰ চিন্তা–চর্চা কৰিলেই হ’ল৷

You might also like