নৃশংস! নিশা যুৱকক হত্যা কৰি নৈত পেলালে মৃতদেহ!
নিয়মীয়া বাৰ্তা, ২০ জুনঃ এজন যুবকক হত্যা কৰি নৈত পেলাই দিয়াৰ অভিযোগত উত্তপ্ত ডিব্ৰুগড়ৰ লেচাই অঞ্চল। সৌৰভ দাস নামৰ যুৱকজনক হত্যা কৰি চেঁচা নৈত পেলাই দিয়াৰ অভিযোগ।
উল্লেখ্য যে সৌৰভ দাস নামৰ যুবকজনৰ সৈতে গাঁওখনৰে এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল। নিশা প্ৰায় ১০.৩০ বজাত প্ৰেমিকাই ফোনযোগে মাতি পঠাই যুৱকজনক। তাৰ পাছতে সন্ধান নাই সৌৰভৰ। স্থানীয় ৰাইজৰ মতে যুবতীগৰাকীৰ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰি সমীপৰ চেঁচা নৈত পেলাই দিছে।
ইতিমধ্যে হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিউদ্দিন নামৰ যুবকজনসহ দুজনকৈ লোকক। আটাইকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। যুৱকজনৰ মৃতদেহৰ সন্ধানত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।