নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু, প্ৰবল উত্তেজনা অব্যাহত

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত কালি এগৰাকী ১২ বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ আজিও তীব্ৰ উত্তেজনা অব্যাহত আছে।

উল্লেখ্য যে খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বনকৰা হিচাপে থকা পশ্চিম কাৰ্বি আংলং জিলাৰ কুদাম ৰংহাং গাঁৱৰ চুমিলা ৰংহাংপী ওৰফে মিলি নামৰ কিশোৰীগৰাকীৰ মৃতদেহ ঘৰৰ পিছফালে ৰহস্যজনকভাৱে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে কিশোৰীগৰাকীক গৃহস্থই পৰিকল্পিতভাবে হত্যা কৰি জ্বলাই দিয়া বুলি অভিযোগ তুলি পৰিয়ালৰ লোকৰ লগতে একাংশ ক্ষুব্ধ ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলাত কালি  বিয়লি আৰক্ষীয়ে অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক আটক কৰিছিল।

ইয়াৰ পিছতো কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে একাংশ ক্ষুব্ধ ৰাইজে অভিযুক্তৰ বাসগৃহৰ সন্মুখত উপস্থিত হৈ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ পত্নীকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই পৰিস্হিতি উত্তপ্ত কৰি তোলে। পাছত পৰিস্থিতি অৱনতি হোৱাৰ আশংকা কৰি নগাঁও আৰু ৰহা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি অভিযুক্তৰ গৃহৰ সন্মুখত কালিৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰে।

ইপিনে আজিও কিশোৰীগৰাকীৰ গৃহ জিলাৰ পৰা বহুসংখ্যক লোকৰ লগতে বিভিন্ন দল-সংগঠনৰ লোক অভিযুক্তৰ গৃহৰ সন্মুখত উপস্থিত হৈ দোষীক ফাঁচি দিয়ক,আমাক ন্যায় লাগিবই, পৰিয়ালৰ আন সদস্যকো গ্ৰেপ্তাৰ কৰক আদিৰ দাবী জনাই ধৰ্ণা দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

 ইপিনে কালিৰ এই ঘটনাক লৈ আজি ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত কাৰ্বি ছাত্ৰ সন্হা, নগাঁও জিলা ট্ৰাইবেল সংঘ, তিৱা ছাত্ৰ সন্হা,আছু,যুব -ছাত্ৰ পৰিষদ, আৰু প্ৰগতিশীল নাৰী সন্থাকে ধৰি ১০ টা সংগঠনে যৌথভাৱে এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলখনত সংগঠনৰ নেতৃবৃন্দ উপস্হিত থাকি কিশোৰী চুমিলা ৰংহাংপী ওৰফে মিলিক নৃশংসভাৱে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলি অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পৰিয়ালক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

আনহাতেদি প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ পত্নী ৰীতা বৰঠাকুৰ আৰু পৰিয়ালৰ বাকী থকা সদস্যসকলকো অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। ইয়াৰোপৰি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী গৰাকীৰ পৰিয়ালটোক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবেও দাবী জনাইছে।

ইপিনে আজিৰ সংবাদমেলখনত সংগঠন কেইটাই ৰহা অঞ্চলত শিশু শ্ৰমিক আইন উলংঘা কৰি থকাৰো অভিযোগ তুলি গৰিব জনজাতীয় পৰিয়ালৰ শিশুক একাংশ অভিজাত লোকে পঢ়ুৱাব  বুলি কৈ শিশু শ্ৰমিক হিচাপে আৰু বনকৰা হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ কৰি আৰু অনতিপলমে এই শিশুসকলক নিজ নিজ গৃহলৈ প্ৰত্যাবৰ্তন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে গৃহস্থ,অভিভাৱকৰ লগতে প্ৰশাসনকো আহ্বান জনায়। ইয়াৰ অন্যথা সংগঠন কেইটাই এই শিশুসকলক নিজাববীয়াকৈ হ’লেও নিজ গৃহলৈ পঠোৱাৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিছে।

You might also like