নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনত ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ২ হাজাৰৰ সীমা

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ৰাজ্যখনত ক’ভিড সংক্ৰমণৰ প্ৰতিদিনে বৃ্দ্ধি হোৱা দেখা গৈছে। এহাজাৰ ডেৰ হাজাৰৰ পিছত আজিৰ দিনটোত দুহাজাৰৰ সীমা পাৰ কৰিলে ক’ভিড আক্ৰান্তৰ সংখ্যাই। আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনোৱা মতে, আজিৰ দিনটোতো ৰাজ্যখনত ২৩৮৪ গৰাকী লোকৰ দেহত নতুনকৈ ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷

কামৰূপ মহানগৰত ক’ভিড পজিটিভ হৈছে ৮৮৩ গৰাকী। আজি মুঠ ৭২,৪০৫গৰাকীৰ ক’ভিড-১৯ পৰীক্ষা কৰা হৈছিল।

You might also like