অসম-নাগালেণ্ড সীমান্তত নগাৰ বেদখলঃ অসমৰ ভূখণ্ডতেই অসমীয়াক ধমক
নিয়মীয়া বাৰ্তা, ২ ছেপ্তেম্বৰঃ অসম-নগালেণ্ড সীমান্তৰ বৃহৎ ভূ-খণ্ডত নগা লোকে ভূমি আগ্ৰাসন অব্যাহত ৰখাৰ ফলত সময়ে সময়ে সীমান্তৱৰ্তী অঞ্চলসমূহত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ অহাৰ উপৰি বহু নিৰীহ সাধাৰণ লোকে অকাল মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে। অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ দলদলি বনাঞ্চলৰ দিছাপুৰ আৰু শংকৰটিলা অঞ্চলত নগাই সময়ে সময়ে ভূমি দখল অব্যাহত ৰখাৰ সময়তে অতি শেহতীয়াকৈ পুনৰ নগাই ভূমি দখল কৰাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।
অভিযোগ অনুসৰি ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত দলদলি সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্বিঘ্নে অব্যাহত ৰাখিছে বেদখল। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্যৰ পৃষ্ঠপোষকতাত তথা সীমান্তত পথ নিৰ্মাণৰ নামত এই বেদখল চলাৰ অভিযোগ উঠিছে। দিছাপুৰ অঞ্চলত মঙলবাৰে একাংশ স্থানীয় মহিলাই নগাৰ বেদখলত বাধা দিয়াৰ চেষ্টা কৰে যদিও বেদখলকাৰীয়ে মহিলাসকলক দাবী ধমকি দি ঘটনাৰ ভিডিঅ কৰি থকা এগৰাকী মহিলাৰ মবাইল কাঢ়ি লয়। এই সমগ্ৰ ঘটনাক লৈ বন বিভাগ, আৰক্ষী বিভাগ তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ ৰহস্যজনকভাৱে মৌন হৈ থকাতোৱে সচকিত কৰি তোলিছে জিলাখনৰ সচেতন মহলক।
উল্লেখ্য যে ২০১৩ চনত বনবিভাগে উক্ত অঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পিছত পুনৰ নগাৰ আগ্ৰাসনে কাৰ্বি আংলঙৰ ভূমিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ পৰৱৰ্তী সময়ত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ, বনবিভাগ, ৰাজহ বিভাগ, আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।