নগাবাটত অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ ৰাইজ
নিয়মীয়া বার্তা, ১৮ মেঃ ঘৰৰ টিনপাতত এটোপাল বৰষুণ পৰাৰ লগে লগে দীর্ঘসময়লৈ বিদ্যুতৰ যোগান বন্ধ থাকে তিতাবৰ মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী নগাবাট আৰু ইয়াৰ আশে–পাশে থকা গাঁওসমূহত৷ অঞ্চলবাসীয়ে কৰা অভিযোগ অনুসৰি, অঞ্চলবাসী বিদ্যুতৰ পর্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷
বিদ্যুতৰ নাটনিৰ ফলত সমগ্র অঞ্চলটো নিশা অন্ধকাৰাচ্ছন্ন হৈ পৰে৷ বিদ্যুতৰ যোগান ব্যাহতৰ ফলত ৰাইচ মিলত ধান বনা, সন্ধিয়াৰ দোকান–পোহাৰ, ব্রইলাৰ পালকসকলে ফার্মসমূহত কুকুৰাৰ বাবে পোহৰৰ যোগান ধৰা, গৃহিণীসকলৰ ৰন্ধা–বঢ়া, লকডাউনৰ সময়ছোৱাত টিভি, কম্পিউটাৰত সময় কটোৱা ইত্যাদি কামত ব্যাঘাত জন্মিছে৷ যোৱা দুদিনত অঞ্চলটোত ওঠৰ ঘণ্টাকৈ বিদ্যুৎ কর্তন হৈছে৷ ইয়াৰ কাৰণ মাজে–সময়ে অহা এজাক বৰষুণ৷ অঞ্চলটোৰ সকলোৰে ঘৰত ইনভার্টাৰৰ ব্যৱস্থা নাই৷
ইফালে সুলভ মূল্যৰ দোকানত কেৰাচিনৰ প্রতিলিটাৰৰ দাম পঁয়ত্রিশ/চল্লিশ টকা৷ সাধাৰণ এজাক বৰষুণতে যদি ওঠৰ ঘণ্টাপর্যন্ত বিদ্যুৎ যোগান বন্ধ থাকে, তেনেহ’লে জনসাধাৰণক চৌব্বিশ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ চৰকাৰৰ যি প্রতিশ্রুতি সেয়া কার্যতঃ ৰূপায়ণ হ’বনে? বিদ্যুতৰ লুকাভাকুত চৰম অস্বস্তিত পৰিছে নগাবাট গ্রামাঞ্চলৰ ৰাইজ৷ গাঁও অঞ্চল বুলিয়েই বিদ্যুতৰ উপলব্ধতাৰ পৰা বঞ্চনা কৰাটো কিমান উচিত, সেয়া বিচাৰ কৰি চাবলৈও সংশ্লিষ্ট বিভাগৰ স্থানীয় কার্যালয়টোৰ পৰিচালনাৰ বাবে দায়িত্বপ্রাপ্ত বিষয়া–কর্মচাৰীসক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে৷