নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত কীটৰ দংশনত নাগালেণ্ডত মৃত্যু দৰঙৰ সেনা জোৱানৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: অসম ৰাইফলছৰ জোৱান দিপীলা নিৱাসী ৰূপাপ্রসাদ ডেকাৰ (৫৩) কর্মৰত অৱস্থাত নাগালেণ্ডত মৃত্যু হয়৷ আজি তেওঁৰ নশ্বৰদেহ ঘৰলৈ লৈ অহাত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ দিপীলাৰ নিকটৱর্তী কেন্দুগুৰি গাঁৱৰ প্রয়াত কলাৰাম ডেকাৰ পুত্র ৰূপাপ্রসাদ ডেকাৰ নাগালেণ্ডৰ বার্মা ব’ডাৰত কর্তব্যৰত অৱস্থাতে যোৱা ১৯ আগষ্টত মৃত্যু হয়৷ আজি দিনৰ ২.৩০ বজাত নশ্বৰদেহ সেনাবাহিনীৰ তৰফৰ আনি পৰিয়ালক চমজাই দি এই কথা সদৰী কৰে৷ সেনাবাহিনীৰ তৰফৰ পৰা সম্পূর্ণ সামৰিক মর্যাদাৰে শেষ বিদায় জনোৱাৰ পাছতেই যথা ৰীতিৰে মৃতদেহ সৎকাৰ কৰে গাঁওবাসীয়ে৷ ১৯৮৬ চনত চাকৰিত যোগদান কৰা ডেকাই নিজৰ যোগ্যতাৰ বলত ‘ছুবেডাৰ’ পদত অধিষ্ঠিথত হৈছিল৷

উল্লেখ্য যে নাগালেণ্ডৰ বার্মা ব’ডাৰত কর্তব্যৰত অৱস্থাতে যোৱা ৬ আগষ্টত বিষাক্ত মকৰা জাতীয় পোকে দংশন কৰিছিল জোৱানজনক৷ এই পোকে দংশন কৰাৰ পাছতেই শৰীৰত বিভিন্ন উপসর্গই দেখা দিয়ে৷ প্রথমতে টাইফয়েড, তাৰ পাছত ডায়েবেটিছ ৰোগত ভুগি শর্কৰাৰ পৰিমাণ শৰীৰত একেবাৰে নোহোৱা হৈ যোৱা ১৯ আগষ্টত মৃত্যুক আঁকোৱালি লয়৷ চাকৰি সমাপ্তিৰ দিনটোলৈ মাজত ছবছৰ বাকী থকা ডেকাৰ মৃত্যুত বৃহত্তৰ দিপীলা আৰু কেন্দুগুৰি অঞ্চলত শোকৰ ছাঁ পৰে৷ নশ্বৰদেহ ঘৰলৈ অনাৰ পাছতেই শ শ লোকে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী কন্যা , এগৰাকী পুত্রক এৰি থৈ যায়৷

You might also like