নগাঁৱত ২২ হাজাৰ কেজি বার্মিজ চুপাৰি জব্দ
নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ নগাঁও আৰক্ষীয়ে যোৱানিশা দুখন বার্মিজ চুপাৰিভর্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীৰ তালাচীৰ সময়ত যোৱানিশা প্রায় ১০ বজাত হোজাইৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বার্মিজ চুপাৰিভর্তি ট্ৰাক দুখন নগাঁও সদৰ থানাৰ অন্তর্গত ননৈ আৰক্ষী চকীৰ এলেকাধীন ৩৬নং ৰাষ্ট্রীয় ঘাইপথৰ ননৈত ৰখিবলৈ নির্দেশ দিয়ে যদিও ট্ৰাক দুখনৰ চালকে আৰক্ষীৰ নির্দেশ অমান্য কৰিব বিচৰাত আৰক্ষীয়ে কৌশলৰে চুপাৰিভর্তি ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে চালক দুজনক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জব্দ কৰা ১০ চকীয়া ড্রাক দুখনৰ নম্বৰ হ’ল– এ এছ–২৫ এ চি–৫৫১৬ আৰু এ এছ–০২ ই– ৫৮৭১৷
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ট্ৰাকচালক দুজন হ’ল– হোজাই শিঙাৰীবস্তীৰ গণেশ সৎনামী (৩৮) আৰু বিষ্ণুপুৰৰ সঞ্জীৱ সিং (৪১)৷ আৰক্ষীয়ে ট্ৰাক দুখনৰ পৰা ২২ হাজাৰ ২৬০ কেজিৰ ৩১৮টা বার্মিজ চুপাৰিৰ বেগ জব্দ কৰে৷ নগাঁও আৰক্ষীয়ে এই সন্দর্ভত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/৩০৭/১২০ (বি)/৩৭৯/ ৪১১/ ৪২০/ ৩৪ ধাৰাৰ অধীনত ২০৭৮/২১ নম্বৰত গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷
উল্লেখ যে দীর্ঘদিন ধৰি নগাঁও জিলাৰ মাজেৰে ৰাজ্যখনৰ লগতে বহিঃৰাজ্যলৈ বার্মিজ চুপাৰি সৰবৰাহ হৈ আছে৷ বার্মিজ চুপাৰি ব্যবসায়ীসকলে নগাঁও জিলাক বার্মিজ চুপাৰি সৰবৰাহৰ কৰিড’ৰ হিচাপে ব্যবহাৰ কৰি আহিছে৷ জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ সন্মুখেৰে বার্মিজ চুপাৰি সৰবৰাহ হৈ আহিছে৷ সংশ্লিষ্ট মহলৰ লগত গোপন বুজাবুজিৰে চুপাৰি ব্যবসায়ীসকলে নির্বিঘ্ণে চলাই আহিছে বার্মিজ চুপাৰিৰ সৰবৰাহ৷