নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতি নিশা বাইপাছত মাছ কঢ়িওৱা বাহন ৰখাই ডকাইটি; ধৃত এজন যুৱক:পলাতক এক

নিয়মীয়া বাৰ্তা, ২০জুন : নগাঁও চহৰৰ কাষেৰে পাৰ হৈ যোৱা চাৰিলেনযুক্ত বাইপাছটোত সঘণাই সংঘটিত চুৰি,ডকাইতি আদি বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপে ইয়াক অপৰাধ জ’নলৈ পৰিণত কৰিছে।এই বাইপাছৰ নিচেই কাষতেই আছে কেইবাখনো আৰক্ষী চকী।

তৎসত্বেও নগাঁও বাইপাছৰ ডিমৌৰ পৰা বৰঘাত হৈ উৰিয়াগাঁও পৰ্যন্ত পথছোৱাত বিগত কেইটামান বছৰৰ পৰা ইটোৰ পাছত সিটোকৈ অপৰাধ মূলক কাৰ্যকলাপ সংঘটিত হৈ আহিছে।এই বাইপাছত দাঁতিত ইতিমধ্যে বহু কেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।এই বাইপাছৰ ওপৰতে সংঘটিত হৈছে একাধিক লোমহৰ্ষক ডকাইতি আৰু কিছু অপৰাধ মূলক কার্য। নগাঁও বাইপাছত সংঘটিত অপৰাধ মূলক কাৰ্যকলাপে ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে আজি পুৱতি নিশাও নগাঁও বাইপাছৰ উৰিয়াগাঁৱত মাছ সৰবৰাহ কৰা এখন বাহন ৰখাই দুজন সশস্ত্ৰ যুৱকে অস্ত্ৰৰ ভাবুকিৰে ডকাইতি কৰে। অৱশ্যে সশস্ত্ৰ যুৱক দুজনৰ এজন অস্ত্ৰ সহ আৰক্ষীৰ জালত পৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে,যোৱা নিশা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ বুলি এ এছ ০১এল চি ৬৩৩৮নম্বৰৰ মহিন্দ্ৰা পিক আপ ভানত মাছ কঢ়িয়াই লৈ গৈছিল।বাহন খন গুৱাহাটী-নগাঁও চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি আজি পুৱতি নিশা প্ৰায় দুই বজাত নগাঁও বাইপাছৰ উৰিয়াগাঁৱত উপস্থিত হওতেই দুজন সশস্ত্ৰ যুৱকে অস্ত্ৰৰ ভাবুকিৰে বাহন খন ৰখাই লুটপাত আৰম্ভ কৰে। দুৰ্বৃত্তই গাড়ী খনৰ চালক আৰু অন্য লোকৰ পৰা ২০হেজাৰ টকা লুট কৰে।বাইপাছৰ ওপৰতে গাড়ী খন ৰখাই লুটপাত চলাই থকাৰ সময়তে ইটাচালি আৰক্ষী চকীৰ তহলদাৰী আৰক্ষীৰ দল এটা গৈ সেই স্থানত উপস্থিত হয়।আৰক্ষীৰ দলটোক দেখাৰ লগে লগেই সশস্ত্ৰ দুৰ্বৃত্ত দুজনে দৌৰি পলায়ণৰ চেষ্টা কৰে।লগে লগে আৰক্ষীয়েও তেওঁ লোকক পিছে পিছে খেদি যায়।

আৰক্ষীয়ে দৌৰাই দৌৰাই কিছু নিলগত এজন দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন জনে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়।ধৃত যুৱক জনৰ নাম শুভম বণিয়া (২৬)। আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা এটা পিষ্টল আৰু বাহন খনৰ পৰা লুট কৰা ২০হেজাৰ টকা জব্দ কৰে। সম্প্ৰতি তেওঁক নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ধৃত শুভম বণিয়া বাইপাছৰ বিভিন্ন পথ ডকাইটিৰ ঘটণাৰ লগত জড়িত আছিল।

ইপিনে,পলায়ণ কৰা আনজন দুৰ্বৃত্তৰ সন্ধানত নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

You might also like