নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ৯ জুলাই :: নগাঁও জিলাৰ বঢ়মপুত নিশা বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই অহা এটা বনৰীয়া হাতীৰ বৃহৎ জাকে নিশা অঞ্চলটোত প্ৰবেশ কৰি ঘৰ বাৰী ভাঙি তহিলং কৰে। হাতীৰ জাকটোৱে বঢ়মপুৰ আদৰ্শ গাঁও, ঘূগৰ গাঁও, শিৱস্হান অঞ্চলত সাত টাকৈ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বয়বস্তু ভাঙি ক্ষতিসাধন কৰে।

হাতীৰ জাকটোৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ ববি বৰা, কণলৰা হাজৰিকা, তুলকি বৰা, পূৰ্ণকান্ত বৰা, অজিত মাঝি, নিৰঞ্জন ভূমিজ আৰু বিপুল শইকীয়া নামৰ ব্যক্তি কেইজন। উল্লেখ্য যে নগাঁও বন বিভাগৰ দুৰ্বলতাৰ বাবেই বনৰীয়া হাতীৰ তাণ্ডৱত এইদৰে ভয়ৰ মাজত দিন কটাবলগীয়া হৈছে অঞ্চলটেৰ ৰাইজে।

You might also like