নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ শতিকাপ্রাচীন বটবৃক্ষৰ শুশ্রূষাত নগাঁৱৰ সন্তান

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ পাঠশালাৰ সমীপৱর্তী জালিখাটাত অৱস্থিত ঐতিহ্যমণ্ডিত কলিবাৰী থানত থকা এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ বটবৃক্ষ ৰূপে পৰিগণিত শতিকা পুৰণি বৃক্ষজোপা ৰোগাক্রান্ত বুলি সংবাদ মাধ্যমযোগে খবৰ লাভ কৰি বৃক্ষজোপাৰ চিকিৎসামূলকভাৱে লালন–পালন কৰি দীর্ঘায়ু কৰিবলৈ থানখনত উপস্থিত হৈছে এজন প্রকৃতিপ্রেমী৷

উল্লেখ্য যে কিছুদিন পূর্বে বৃহদাকাৰ বটবৃক্ষজোপাত ভেঁকুৰ সংক্রমিত হোৱাৰ লগতে শেলুৱৈ আৰু উঁই হাফলুৱে আৱৰি ধৰা বাতৰি সবিস্তাৰে প্রচাৰ হৈছিল৷ বাতৰিযোগে খবৰ লাভ কৰিয়ে দিল্লীত ললিত কলাৰ শিক্ষণ লোৱা নগাঁৱৰ এগৰাকী অসমীয়া লোক সম্প্রতি পাঠশালালৈ আহিছে আপুৰুগীয়া গছজোপাৰ চিকিৎসা কৰিবলৈ৷ বটবৃক্ষজোপাৰ সংৰক্ষণৰ উপায় বিচাৰি আহিছে নগাঁৱৰ বিজয় ভুঞা নামৰ প্রকৃতিপ্রেমী লোকজন৷ বিগত চাৰি দিন ধৰি অবিৰত প্রচেষ্টাত বিশাল গছজোপাৰ চাৰিওফালে পৰি থকা শুকান পাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি গছডালৰ গুৰিত পোত গৈ থকা বালিবোৰ আঁতৰাই এতিয়া ঔষধ প্রয়োগ কৰি গছজোপা দীর্ঘায়ু কৰাৰ প্রয়াস কৰিছে বিশেষজ্ঞ লোকগৰাকীয়ে৷ তেওঁৰ এই কার্যত থান পৰিচালনা সমিতিৰ তৎপৰতাত লোকজনক সহায় আগবঢ়াইছে স্থানীয় কেইগৰাকীমান লোকে৷

 আনহাতে, বিজয় ভূঞাৰ আগ্রহত দেৱালীৰ ক্ষণত সমগ্র থানৰ চৌহদ বন্তি প্রজ্বলনেৰে জিলিকাই তোলা হৈছে৷ উল্লেখ্য যে দেশৰ ভিন্ন প্রান্তৰ পৰা পর্যটক আৰু ভক্তপ্রাণ লোকৰ প্রায়েই আগমন ঘটে এই ঐতিহ্যক্ষেত্রত আৰু সকলোৱে সেৱা জনাই আশীর্বাদ বিচাৰে আওপুৰণি বৃক্ষজোপা আৰু থানখনত৷

You might also like