জ্যোতি দিৱসৰ সার্থকতা থাকিব নৱপ্রজন্মই জ্যোতি চর্চা কৰিলেহে
নগাঁৱৰ চকলাঘাটত অসম সাহিত্য সভাৰ কেন্দ্রীয় জ্যোতি দিৱসত উপ–সভাপতি মৃণালিনী দেৱী
নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তর্গত চকলাঘাট ৰাস মন্দিৰ প্রাংগণস্থিত ক্ষেমকান্ত বৰা সমন্বয় ক্ষেত্রত নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত দিনজোৰা কার্যক্রমণিকাৰে সোমবাৰে অসম সাহিত্য সভাৰ কেন্দ্রীয় জ্যোতি দিৱসটি উদ্যাপন কৰা হয়৷ জ্যোতি দিৱসৰ মূল কার্যসূচীসমূহৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই৷ পতাকা উত্তোলনৰ অন্তত চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিশু সাহিত্যিক ত্রৈলোক্য ভট্টাচার্য, চকলাঘাট ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ক্ষিতেশ্বৰ বৰা, আদৰণী সমিতিৰ সভাপতি অনন্ত শইকীয়া, চকলাঘাট ৰাস মন্দিৰৰ নামঘৰীয়া মোহন মুদৈ, বিশিষ্ট শিক্ষাবিদ অশোক কুমাৰ বৰঠাকুৰ প্রমুখ্যে অঞ্চলৰ মুঠ ১০৫গৰাকী সন্মানীয় ব্যক্তিৰ দ্বাৰা অসম সাহিত্য সভাৰ ১০৫ সংখ্যক বর্ষপূর্তিৰ শুভক্ষণত ১০৫ গছি বন্তি প্রজ্বলন কৰা হয়৷ লগতে জ্যোতি তর্পণ কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই আৰু জ্যোতি প্রসাদৰ প্রতিচ্ছবিত মাল্যদান কৰে নগাঁও জিলা সাহিত্য সভাৰ উপ–সভাপতি থগিত চন্দ্র মহন্তই৷
ইয়াৰ পাছতে অনুষ্ঠিত হোৱা ‘স্বাগত স্বাগত সতীর্থ’ শীর্ষক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে লোকসংগীতৰ জনপ্রিয় শিল্পী জীনা ৰাজকুমাৰীয়ে৷ কপাহেৰাৰ বৃন্দাবনী সাৰংগ কলা কেন্দ্রৰ শিশু শিল্পীসকলৰ নৃত্যানুষ্ঠানেৰে আৰম্ভ হোৱা অনুষ্ঠানত তৰুণ শইকীয়া, জিতু শ্রাৱন, কৃষ্ণাভজিৎ শইকীয়া, ৰাজেশ কোঁৱৰ, কৃষ্টিকন্যা শইকীয়া, হৰিহৰশ্বিদ আদি আমন্ত্রিত শিল্পীসকলে গীত পৰিৱেশন কৰে৷ ইয়াৰ পাছতে লোকশিল্পী গুণ শইকীয়া সোঁৱৰণী মঞ্চত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ বিশিষ্ট সাহিত্যিক, পদ্মশ্রী বঁটাপ্রাপক ড০ সূর্য হাজৰিকাই উদ্বোধন কৰা সভাত বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুকনজিৎ ভাগৱতী, নির্দিষ্ট বক্তা ৰূপে তেজপুৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তপন কলিতা আৰু সন্মানীয় অতিথি ৰূপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মা উপস্থিত থাকি জ্যোতিপ্রসাদ আগৰৱালাৰ সাংস্কৃতিক কর্মৰাজিৰ বিষয়ত ভাষণ দিয়ে৷ অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শর্মাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাৰ লগতে জিলা সম্পাদক ৰেৱত হাজৰিকাই আঁত ধৰা সভাখনত বিশিষ্ট শিল্পী গম্ভীৰ শইকীয়া, কুটিৰ শিল্পী দছেন গগৈ, ছিপাঝাৰৰ খুলীয়া, ভাৱৰীয়াৰ ওজা হেমৰাম কুমাৰ, ওজাপালি, দেওধনী নৃত্যৰ প্রশিক্ষক টংকেশ্বৰ শইকীয়া আৰু তেজপুৰৰ ভাওনাৰ প্রবীণ শিল্পী ৰুহিত শইকীয়াক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷
ইফালে, সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱন পৰিক্রমা আৰু অসমৰ সাংস্কৃতিক ক্ষেত্রখনক উজ্জীৱিত কৰি থৈ যোৱা অৱদান সম্পর্কত প্রদান কৰা সাৰগর্ভ ভাষণৰ সমান্তৰালকৈ জ্যোতি সংগীত, বিয়ানাম আৰু কবিতা আবৃত্তি কৰে৷ তেওঁ নিজৰ নাতিদীর্ঘ ভাষণত ভাৰতীয় পুৰাতন সভ্যতা–সংস্কৃতিৰ পৰা আৰম্ভ কৰি নব্য ভাৰতীয় সভ্যতা–সংস্কৃতিৰ বিভিন্ন দিশ দাঙি ধৰে৷ তেওঁ লগতে নতুন প্রজন্মই জ্যোতি চর্চা কৰিলেহে জ্যোতি দিৱস পতাৰ সার্থকতা থাকিব বুলি তাৎপর্যপূূর্ণ মন্তব্য কৰি নৱপ্রজন্মৰ মাজত নৈতিক চেতনা জগাই তুলিবৰ বাবে জ্যোতিপ্রসাদৰ দৰে এজন বৰেণ্য ব্যক্তিৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে৷ বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাই গীত পৰিৱেশনেৰে উপস্থিত ৰাইজক মনমুগ্ধ কৰি তোলা সভাখনত গম্ভীৰ শইকীয়াৰ ৰচিত ‘কৃষ্ণ তুমি বজোৱাচোন সেই বাঁহীৰ সুৰ’, দীপ্তি দেৱী শর্মাৰ ‘নীডহাৰা পখীৰ ক্রন্দন’ আৰু শুভ্র গিৰিমালাৰ ‘শিখৰে শিখৰে’ নামৰ তিনিখন গ্রন্থ উন্মোচন কৰা হয়৷