নগাঁৱৰ অসামৰিক চিকিৎসালয়ত আলট্ৰাচাউণ্ড মেচিন চুৰিঃ ৰোগীৰ হাহাকাৰ
মন্তব্য প্ৰকাশৰ পৰা বিৰত চিকিৎসালয় কতৃপক্ষ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা। চিকিৎসালয়ৰ আলট্ৰাচাউণ্ডৰ মেচিন নিলে চোৰে।
বন্ধ তলা বন্ধ হৈয়েই থাকিল। কিন্তু তলা নোখোলাকৈয়ে চোৰে নিলে আলট্ৰাচাউণ্ড মেচিন। বিগত ১২ অক্টোবৰ তাৰিখেই সংঘটিত হৈছিল এই চুৰিকাণ্ড।
আলট্ৰাচাউণ্ড কৰিবলৈ আহি এতিয়া ৰোগীৰ হাহাকাৰ নগাঁও চিকিৎসালয়ত। নগাঁও চিকিৎসালয় চৌহদত থকা আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল চিকিৎসালয় কতৃপক্ষই। নগাঁও চিকিৎসালয়ত সংঘটিত হোৱা এই আজৱ চুৰিকাণ্ডই সৃষ্টি কৰিছে চাঞ্চ্যলৰ।
আনহাতে কটকটীয়া নিৰাপত্তাবেষ্টনিৰ মাজেৰে কেনেকৈ এই চুৰিকাণ্ড সংঘটিত হ’ল, তাৰ বিষয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকে চিকিৎসালয় কৰ্তৃপক্ষ।