নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ড্ৰাগছ আসক্তই বৰ্ণনা কৰিলে ড্ৰাগছ সেৱনৰ কু ফলঃ ২৮ জনক সংশোধনী গৃহলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ   নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীও আৰম্ভ কৰিছে।আজি এই ব্যতিক্ৰমী পদক্ষেপৰ অংশস্বৰূপে নগাঁও আৰক্ষীয়ে চাৰিজন ড্ৰাগছ আসক্ত যুৱকক লগতলৈ নগাঁও চহৰৰ ৰাজপথত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান চলায়।ড্ৰাগছ আসক্ত যুৱক চাৰিজনেও তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ড্ৰাগছে তেওঁলোকৰ জীৱনত কৰা ক্ষতিৰ বিষয়ে বৰ্ণনা কৰি এনেধৰণৰ সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান জনায়।আৰক্ষীয়ে যুৱক চাৰিজনৰ জৰিয়তে ‘চে ন’ ড্ৰাগছ’, ‘ড্ৰাগছ ট্ৰেপ ডেথ’ আদি শ্লোগান সম্বলিত ফেষ্টুনলৈ সমদল উলিয়াই।

উল্লেখযোগ্য যে নগাঁও আৰক্ষীয়ে ড্ৰাগছ আসক্ত একাংশ যুৱকক কাউন্সেলিঙৰ জৰিয়তে সুস্থ কৰা তথা ভাল পথলৈ ঘূৰাই অনাৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।আৰক্ষী সূত্ৰে জানিব পৰামতে যোৱা এটা মাহতে ২৮ গৰাকী ড্ৰাগছ আসক্ত যুৱকক সংশোধন কেন্দ্ৰত প্ৰেৰণ কৰি সংশোধনৰ চেষ্টা কৰা হৈছে।বহু ড্ৰাগছ আসক্ত যুৱকৰ অভিভাৱকে জনোৱামতে তেওঁলোকৰ সন্তানে সংশোধন হব বিচাৰে যদিও অত্যাধিক নিচা সেৱনৰ বাবেই পৰা নাই।সংশোধন হব বিচৰা ড্ৰাগছ আসক্ত যুৱক সকলে আৰক্ষীৰ সহায় লব পাৰে বুলিও আৰক্ষী সূত্ৰে প্ৰকাশ।নগাঁও আৰক্ষীৰ এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।

You might also like