নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও মহকুমা প্ৰাথমিক বিদ্যালয়ৰ উপ-পৰিদৰ্শকৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ কৰা সম্ভাৱনা শীৰ্ষক আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সময়তে আজি নগাঁৱৰ মহকুমা প্ৰাথমিক বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকগৰাকীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ স্বৰূপে আজি নগাঁও মহকুমা প্ৰাথমিক বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বুদ্ধ কটকীয়ে নিজ কাৰ্যালয়তে কৃষ্ণমোহন বিদ্যা নিকেতনৰ পৰা কালি অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক চয়ন ৰঞ্জন গোস্বামীৰ পেন্সনৰ আদেশ দিয়াৰ লগতে জি আই এছ আৰু আৰ্জিত ছুটীৰ ধনৰাশি আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

ওৰেটো জীৱন শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা চয়নৰঞ্জন গোস্বামীয়ে পেন্সনৰ আদেশ পত্ৰ লাভ কৰি অসংখ্য শিক্ষাৰ্থীক জ্ঞানৰ পোহৰেৰে জীৱন উজলাই তুলি এই সময়খিনিত নিজকে গৌৰৱান্বিত কৰিছে বুলি প্ৰকাশ কৰাৰ লগতে মহকুমা প্ৰাথমিক বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বুদ্ধ কটকীৰ এনে প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অৱসৰৰ পিছত চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে প্ৰাপ্য ধন বিচাৰি হাবাথুৰি খোৱাৰ পৰিৱৰ্তে উপ-পৰিদৰ্শক বুদ্ধ কটকীৰ দৰে নিষ্ঠাৱান বিষয়াই এনেদৰে সন্মান সহকাৰে বিদায় সভাৰ জৰিয়তে ধনৰাশি আৰু পেন্সন পত্ৰ লাভ কৰি অতি আনন্দিত হোৱা বুলি জানিবলৈ দি অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত সময়খিনিত নগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলকো এনেদৰে বিদায় সভাৰ জৰিয়তে ধনৰাশি আৰু পেন্সন পত্ৰ প্ৰদান কৰি আহিছে।

You might also like