নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত কিশোৰীৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; তিনি অভিযুক্তক গ্ৰেপ্তাৰ

  • আৰক্ষীয়ে উৎখাত কৰিলে অবৈধ ড্ৰাগছৰ ঘাটী
  • তিনি যুৱকৰ বিৰুদ্ধে কিশোৰী গৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ৯ জুলাই : নগাওঁ চহৰৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী অবাঞ্চিত মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি নগাওঁ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উদ্বিগ্ন হৈ পৰিছে শৈক্ষিক , বৌদ্ধিক আৰু সচেতন মহল। ঘটনাৰ বিৱৰণী মতে- নগাঁও চহৰৰ ফৌজদাৰিপট্টিত কালি সন্ধিয়া মূমূৰ্ষু অৱস্থাত ড্ৰাগছ আসক্ত তিনিজন যুৱকে গাড়ীৰ পৰা এগৰাকী কিশোৰীক পেলাই থৈ যায়।

কিশোৰী গৰাকী এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে এই কিশোৰী গৰাকীক আন এগৰাকী কিশোৰীৰ সৈতে প্ৰলোভন দি তিনি ড্ৰাগচ আসক্ত যুৱকে এখন বগা ৰঙৰ ছুইফটত উঠাই নগাঁও বাইপাচৰ ফালে লৈ গৈছিল।পিচত সন্ধিয়া বগা ৰঙৰ ছুইফট ডিজায়াৰ গাড়ীখনৰ পৰা তিনিজন যুৱকে মূমুৰ্ষ অৱস্থাত ফৌজদাৰিপট্টিৰ নামঘৰ পথত ১৫ বছৰীয়া কিশোৰীগৰাকীক পেলাই থৈ গৈছিল বুলি প্ৰত্যক্ষদৰ্শীৰ সূত্ৰে প্ৰকাশ। নিশাই কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে যুৱক কেইজনে অষ্টম শ্ৰেণীত পঢ়া কিশোৰী গৰাকীক গাড়ীখনত আবদ্ধ কৰি মৃত কিশোৰী গৰাকীক গাড়ীৰ পৰা নমাই বাইপাছৰ ওচৰত বলপূৰ্বক ভাৱে ড্ৰাগছ সেৱন কৰাই। ফলত কিশোৰী গৰাকী অচেতন হৈ পৰে। ইয়াৰ পিছতেই যুৱক কেইজনে অচেতন কিশোৰী গৰাকীক গাড়ী খনত উঠাই বেবেজিয়া মাহৰীআটিৰ ফালেই লৈ যায়। তাতেই অষ্টম শ্ৰেণীত পঢ়া কিশোৰী গৰাকীক নমাই অচেতন কিশোৰী গৰাকীক নগাওঁ চহৰৰ ফৌজদাৰী পট্টিলৈ আনি নামঘৰ পথত নমাই থৈ যায়।

যাৰবাবেই কিশোৰী গৰাকীয়ে অকাল মৃত্যুক সাৱটি লব লগা হয়। অভিযুক্ত তিনি যুৱকে অষ্টম মান শ্ৰেণীত পঢ়া কিশোৰী গৰাকীক এই ঘটনাৰ কথা কাকো নকবলৈ সকীয়াই দি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল। অত্যধিক ড্ৰাগচ সেৱন কৰাৰ ফলতেই কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । এই সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নগাঁও চহৰৰ বৈদ্যটূপৰ পৰা মানস বৰা ( ২১ ) আৰু ক্ষিৰোদ কমল বৈশ্য (২৩ ) নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে নিশাই নগাঁৱৰ বেবেজীয়া মাহৰীআটি-ঘাঁঁহীৰ মধ্যবৰ্তী অঞ্চলৰ পৰা অচেতন অৱস্হাত অষ্টম শ্ৰেণীৰ গৰাকী কিশোৰী গৰাকীকো উদ্ধাৰ কৰে । এই সম্পৰ্কত আৰক্ষীয়ে যুৱক তিনিজনে ব্যৱহাৰ কৰা এ এছ ০২ আৰ ৩৩৬০ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখন জব্দ কৰে ।আৰক্ষীয়ে নিশাই অভিযান চলাই নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চিলঙনীত এটা ড্ৰাগছৰ ঘাটী উচ্চেদ কৰে ।

আৰক্ষীয়ে নুৰ মহম্মদ (৩৭ ) আৰু জইগুন নেছা ( ৩৫ ) নামৰ পতি পত্নীক গ্ৰেপ্তাৰ কৰে ।ঘাটী টোৰ পৰা ড্ৰাগছ , নকল টকা, কেতবোৰ সামগ্ৰীৰ লগতে ২৮০০০ টকা উদ্ধাৰ কৰা হয় ।আৰক্ষীৰ মতে এই ড্ৰাগচৰ ঘাটিৰ পৰাই ড্ৰাগচ ক্ৰয় কৰি নিছিল ড্ৰাগচ আসক্ত যুৱক তিনিজনে । মৃত কিশোৰী গৰাকীৰ পৰিয়ালে
চলন্ত গাড়ীৰ ভিতৰতে বলপূৰ্বকভাৱে কিশোৰী গৰাকীক ড্ৰাগচ সেৱন কৰোৱাই অভিযুক্ত যুৱক কেইজনে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।তদুপৰি মানস বৰা নামৰ এজন অভিযুক্তক মৃত কিশোৰী গৰাকীৰ মাতৃয়ে দুদিন পূৰ্বে ফোনত সকিয়নী দিয়াৰ বাবেই প্ৰতিশোধ ল’বৰ বাবে এনে এক কাণ্ড সংঘটিত কৰাৰো অভিযোগো উত্থাপন কৰিছে মাতৃয়ে ।
ঘটনাৰ সৈতে জড়িত আন এজন যুৱক পিংকু সিঙকো আজি আবেলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে এই ঘটনাৰ মূল অভিযুক্ত মানস বৰা দীৰ্ঘদিন ধৰি অপৰাধ জনীত ঘটনাৰ লগত জড়িত আছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত নগাওঁ সদৰ থানাত ভাৰতীয় দণ্ডবিধি ৩৪১/৩৬৬/৩২৪/৩৭৬(৩)/৫০৬/১২০(বি), ৩৪ আই পি চি আৰ ডব্লিউ ধাৰা ৪ প্ৰছকো আইনৰ অধীনত ১৬৬০/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মৃত কিশোৰী গৰাকীৰ নাম স্নেহা ডেকা। এই ঘটনাক সদৌ নগাওঁ জিলা ছাত্র সন্থাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাওঁ জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষী সকলক দৃষ্টান্ত মূলক শাস্তি দিয়াৰ দাবী জনাইছে।

You might also like