নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ‘ব্রয়লাৰ’

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ বিভিন্ন ধৰণৰ লুটপাত, ডকাইতি আদি অপৰাধমূলক কার্যকলাপেৰে সুদীর্ঘ বছৰ ধৰি নগাঁও, হোজাই, মৰিগাঁও আৰু কার্বি আংলং জিলাত সন্ত্রাসৰ সৃষ্টি কৰি আৰক্ষীৰ নিদ্রা হৰণ কৰা কুখ্যাত অপৰাধী ইজ্জত আলী ওৰফে ব্রয়লাৰ (৩৫) অৱশেষত জালত পৰিল৷ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তর্গত সুঁতিৰপাৰত এক ডকাইতিৰ পৰিকল্পনা কৰি থকা অৱস্থাতেই নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গ্রেপ্তাৰ কৰে ইজ্জত আলী ওৰফে ব্রয়লাৰ আৰু তেওঁৰ অন্যতম সহযোগী চাহিদুল ইছলাম (৩২)ক৷

আৰক্ষীয়ে ধৃত ইজ্জতৰ হাতৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু পাঁচ জজাই সক্রিয় গুলীও জব্দ কৰে৷ আজি নগাঁৱত এখন সংবাদ মেলত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই আৰক্ষীৰ অভিযান সন্দর্ভত কয়– ইজ্জত আলী ওৰফে ব্রয়লাৰ এজন কুখ্যাত অপৰাধী৷ ইজ্জত বিভিন্ন অপৰাধমূলক কার্যকলাপেৰে জডিত৷ জিলাখনৰ বিভিন্ন আৰক্ষী থানাত ইজ্জতৰ বিৰুদ্ধে মুঠ পাঁচটা গোচৰ ৰুজু হৈ আছে৷ বিভিন্ন সম্পদ লুট কৰাৰ লগতে ডকাইতি, চি এছ পি লুট কৰি আহিছে৷ আমি গোপন সূত্রৰ খবৰ পাইছিলোঁ যে ইজ্জত আলী ওৰফে ব্রয়লাৰ আৰু সতীর্থসকলে জুৰীয়া আৰক্ষী থানাৰ অন্তর্গত সুঁতিৰ পাৰত এটা ডকাইতিৰ পৰিকল্পনা কৰিছে৷ লগতে চি এছ পি লুণ্ঠনৰো পৰিকল্পনা কৰিছে৷ সেই খবৰৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰা আৰু টি এছ আই কুন্দন ৰবিদাসৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে যোৱানিশা অভিযান চলাই জুৰীয়াৰ সুঁতিৰপাৰৰ শ্লুইচ গেটৰ ওচৰৰ পৰা ইজ্জত আলী ওৰফে ব্রয়লাৰ আৰু সতীর্থ চাহিদুল ইছলামক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

ইজ্জত আলী ওৰফে ব্রয়লাৰৰ হাতৰ পৰা এটা পইণ্ট ২২ পিষ্টল, পাঁচ জাঁই সক্রিয় গুলী আৰু এখন পালছাৰ মটৰচাইকেল জব্দ কৰা হয়৷ এছ পি মিশ্রই কয় যে ইতিমধ্যে আৰক্ষীয়ে ব্রয়লাৰক জেৰা আৰম্ভ কৰিছে যদিও তেওঁ আৰক্ষীক মুঠেই সহযোগ কৰা নাই৷ যিহেতু তেওঁ পুৰণা আৰু দুর্ধর্ষ অপৰাধী, সেয়েহে ‘এগ্রেছিভ’ হৈ আছে৷ আৰক্ষীৰ জেৰাত লাহে লাহে সকলো তথ্য পোহৰলৈ আহিব৷ বহুকেইটা গোচৰত অভিযুক্ত দুর্ধর্ষ অপৰাধী ইজ্জত আৰু চাহিদুলে যোৱা মাহত পানীখাইতীত সংঘটিত ষ্টেট বেংকৰ চি এছ পিৰ ডকাইতি কাণ্ডতো জডিত আছিল৷ নগাঁও, হোজাই, মৰিগাঁও আৰু কার্বি আংলং জিলাত সংঘটিত বিভিন্ন অপৰাধমূলক কার্যকলাপ, ডকাইতি আদিৰ সৈতে এই ইজ্জত আলী ওৰফে ব্রয়লাৰ প্রত্যক্ষভাৱে জড়িত আছিল৷ এই সন্দর্ভত বহু তথ্য–প্রমাণ আছে৷ব্রয়লাৰৰ তিনি সতীর্থক চিনাক্ত কৰা হৈছে৷ অচিৰেই গ্রেপ্তাৰ কৰা হ’ব৷

সংবাদ মেলত আৰক্ষী অধীক্ষক মিশ্রই আৰু কয় যে ধৃত ইজ্জত আলী ওৰফে ব্রয়লাৰ গাডী অপহৰণ কৰা আৰু গাডীৰ চালকক হত্যা কৰাৰ দৰে জঘন্য অপৰাধৰ লগতো জডিত আছিল৷ ধৃত ইজ্জত আলী ওৰফে ব্রয়লাৰ প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহঁাইৰ নগাঁও চহৰৰ নতুন বজাৰৰ তিলক ডেকা পথৰ বাসগৃহত গ্রেনেড আক্রমণৰ ঘটনাতো অভিযুক্ত আছিল বুলি আৰক্ষী সূত্রত প্রকাশ৷ ধৃত ইজ্জতৰ ঘৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তর্গত উত্তৰ খাটোৱালত আৰু চাহিদুলৰ ঘৰ হোজাই জিলাৰ ম’ৰাঝাৰ আৰক্ষী থানাৰ অন্তর্গত দক্ষিণ দেৱস্থানত৷

You might also like