নগাঁওৰ কুৰুৱাবাহীত উদয়াচল সংস্থা আৰু সমাজ কল্যান বিভাগৰ উদ্যোগত বিশেষ ভাবে সক্ষম লোকক কভিড ভেকচিন প্ৰদান
নিয়মীয়া বাৰ্তা ৭ জুলাইঃ কভিড ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান উদয়াচল আৰু নগাঁও জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত মঙলবাৰে কুৰুৱাবাহি স্থিত দলং ঘাট সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যলয় ৰ চৌহদত বিশেষ ভাবে সক্ষম ১০০ গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰা হয়।
এই ভেকচিন প্ৰদান কায্যসূচীত উপস্থিত থাকে উদয়াচলৰ সমন্বয়ক ডাঃ দেৱজ্যোতি ছেটাৰ্জী, নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া ৰুবি কলিতা, খাগৰিজান শিশু উন্নয়ন প্ৰকল্প বিষয়া বিদ্যুত হাজৰিকা, দলং ঘাট প্ৰকল্প উন্নয়ন বিষয়া ধৰিত্ৰী ৰংপি আদি বিশিষ্ট ব্যক্তিসকল। উদয়াচলে এনে সামাজিক কাম সমূহ কৰি যাবলৈ সদায় দায়বদ্ধ বুলি প্ৰকাশ কৰে।