নগাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ সংবাদমেল
নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ বছৰ বছৰ ধৰি ফুটাকড়ি এটাও নোপোৱাকৈ সেৱা আগবঢ়াই আহিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন পদবীত নিয়োজিত হৈ থকা অবৈতনিক কৰ্মচাৰীসকলে।
বিগত ২০০৫ চনৰ পৰাই সমগ্ৰ অসমৰ প্ৰায় সাত হাজাৰ এনে কৰ্মচাৰীয়ে পাৰিশ্ৰমিকৰ নামত এটকাও নোপোৱাকৈয়ে কেৱল চৰকাৰী পক্ষৰ আশ্বাসৰ ওপৰত ভৰসা কৰি সেৱা আগবঢ়াই আহিছে। ২০১৬ বৰ্ষৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইসকল কৰ্মচাৰীক ছয় হাজাৰ টকাকৈ ফিক্সড পে’ আদায় দিয়াৰ কথা আছিল যদিও আজিও সেয়া কাৰ্যকৰী হৈ উঠা নাই। যাৰবাবে এতিয়া চৰম হতাশাত ভুগিছে এইসকল কৰ্মচাৰী। সময়ে সময়ে এইসকল কৰ্মচাৰীয়ে চাকৰি নিয়মীয়া কৰিবলৈ আন্দোলনমুখী কাৰ্যসূচী গ্ৰহণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত হেঁচা প্ৰয়োগ কৰি আহিছে যদিও সেয়া সকলো মিছা আস্ফালনতহে পৰিণত হৈছে।
সম্প্ৰতি ক’ৰোনাসৃষ্ট পৰিৱেশত ভীষণ আৰ্থিক সংকটৰ সন্মুখীন হৈছে এইসকল বেতনবিহীন কৰ্মচাৰী। আজি নগাঁৱত এক সংবাদমেল যোগে এই অবৈতনিক কৰ্মচাৰী সকলে কয় – এই সকল কৰ্মচাৰীয়ে চৰকাৰৰ পৰা কেৱল আশ্বাস হে পাই আহিছে। এই কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে আজি লৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ক’ৰ’না কালতো এই অবৈতনিক কৰ্মচাৰী সকলে অতি কষ্টৰে সেৱা আগবঢ়াই অহাৰ পিছতো এই কৰ্মচাৰী সকলক চৰকাৰে ফুটাকড়ি এটাও দিয়া নাই। যাৰ বাবে এই কৰ্মচাৰী সকল এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হব লগা হৈছে। সংবাদমেল যোগে এই অবৈতনিক কৰ্মচাৰী সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণকে ধৰি সকলো সমস্যা সমাধানৰ দাবী জনাইছে।