নগৰবেৰাত জিলা ড্ৰাগছ পৰিদৰ্শকৰ অভিযান, জব্দ বুজন পৰিমাণৰ ঔষধ; বাতিল অনুজ্ঞাপত্ৰ
নিয়মীয়া বাৰ্তা, ৪ মে: কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা বজাৰত আজি ফাৰ্মাচীয়ে- ফাৰ্মাচীয়ে অভিযান চলায় কামৰূপ জিলাৰ ড্ৰাগছ পৰিদৰ্শক বৰ্ণালী হাজৰিকাই। প্ৰাপ্ত তথ্য মতে, নগৰবেৰাৰ একাংশ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত বজাৰখনত ড্ৰাগছ পৰিদৰ্শক বৰ্ণালী হাজৰিকাৰ নেতৃত্বত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰ আৰু নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিৰেল আহমেদৰ সহযোগত বজাৰখনত থকা কেবাখনকৈ ফাৰ্মাচীত অতৰ্কিতে অভিযান চলাই তন্ন তন্নকৈ অনুজ্ঞাপত্ৰৰ লগতে ফাৰ্মাচীৰ বিভিন্ন নথিপত্ৰ আৰু দৰৱ-পাতিবোৰ পৰীক্ষা কৰাৰ লগতে ঔষধৰ নমুনা পৰীক্ষাৰ বাবে বুজন পৰিমাণৰ ঔষধো জব্দ কৰে ৷উল্লেখ্য যে, নগৰবেৰা অঞ্চলত দিনক দিনে কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ফাৰ্মাচীত দীৰ্ঘদিনৰ পৰা চলি থকা অবৈধ চিকিৎসাৰ ফলত বহু ৰোগী সমস্যাৰ সন্মুখীন হৈ থকাৰ খবৰ চলি থকাৰ মাজতেই ড্ৰাগছ পৰিদৰ্শকৰ এই অতৰ্কিত অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আজিৰ এই অভিযান কালত নগৰবেৰা বজাৰৰ কেইবাখনকৈ ফাৰ্মাচী পৰিদৰ্শন কৰি সকলো দিশ চোৱাচিতা কৰে বিষয়া গৰাকীৰ লগতে অভিযানকাৰী দলটোৱে ৷ ইপিনে বিষয়া গৰাকীয়ে নগৰবেৰাৰ কেইবাখনো ফাৰ্মাচীত বিসংগতি আৰু খেলিমেলিৰ লগতে ঔষধ পাতিৰ অসুৰক্ষিত অৱস্থা প্ৰত্যক্ষ কৰি হতবম্ব হৈ পৰাৰ লগতে একাংশ ফাৰ্মাচীত অনুজ্ঞাপত্ৰ বিহীন ভাবে পশু-পক্ষীৰ দৰৱ ৰাখি অবৈধ বেহা আৰম্ভ কৰাত দুখনকৈ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে সাময়িকভাৱে ফাৰ্মাচী সমূহ বন্ধ কৰি দিয়ে | আগলৈও ড্ৰাগছ পৰিদৰ্শকৰ এনে অভিযান অব্যাহত থাকিব বুলি ড্ৰাগছ পৰিদৰ্শক বৰ্ণালী হাজৰিকা আৰু নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ আজিৰ অভিযানকালত বিভাগীয় ভাবে কাৰ্যালয়ৰ সহায়ক ক্ৰমে ধীৰেন চৌধুৰী, দিপক চৌধুৰী ৰ লগতে স্হানীয় গাওঁ প্ৰধান আব্দুৰ ৰহমান, লাট-মণ্ডল বৈদ্যনাথ মেধি আদি কৰি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা