নগাঁৱত জীৱিকা সখীৰ কৰ্মবিৰতি পালন
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলা জীৱিকা সখী সন্থাৰ উদ্যোগত আজি জীৱিকা সখীসকলে কৰ্মবিৰতি পালন কৰাৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জীৱিকা সখী কৰ্মচাৰীসকলক মাহিলি নূন্যতম ১৫,৫০০ টকা বেতন দিয়া, টিএ-ডিএ দিয়া, বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা, জি পি অনুসৰি জীৱিকা সখীক এটাকৈ লেপটপ প্ৰদান কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত জীৱিকা সখীসকলে আজি কৰ্মবিৰতি পালন কৰাৰ লগতে নগাঁৱৰ নেহৰুবালিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত নগাঁও জিলা জীৱিকা সখী সন্থাৰ সভানেত্ৰী আৰু সম্পাদিকা স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ গ্ৰামীণ জীৱিকা অভিযানৰ নগাওঁ জিলা প্ৰকল্প বিষয়াক প্ৰদান কৰে। সন্থাই জনোৱা মতে তেওঁলোকৰ কৰ্মবিৰতিৰ কাৰ্যসূচী দাবী পূৰণ নোহোৱালৈকে চলি থাকিব।
প্ৰেৰক কনক হাজৰিকা