নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ ভলীবলৰ সংগঠক বলীৰাম জয়ছোৱালৰ অকাল মৃত্যু

বিশেষ বার্তা, ১০ জুন : নাহৰকটীয়া অঞ্চলৰ ভলীবল খেলৰ বিশিষ্ট সংগঠক, ব্যৱসায়ী তথা সমাজ সেৱক বলীৰাম জয়ছোৱালৰ আজি বিয়লি প্ৰায় ৪ বজাত এক দুৰ্ভাগ্যজনক ঘটনাত শোকাবহ মৃত্যু ঘটাৰ খবৰে ক্ৰীড়াপ্ৰেমীসকলৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে কেবল টিভিৰ সংযোগকাৰী ৰূপে অন্যতম পৰিচয় থকা বলীৰাম জয়ছোৱালে আজি বিয়লি নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা আমোলাপত্তি তিনিআলিৰ সন্মুখৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত কেবোল সলনি কৰি থাকোতে দুৰ্ভাগ্যবশত প্ৰতিষ্ঠান ওপৰেদি যোৱা বিদ্যুৎ বিভাগৰ ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ওপৰৰ আহি চহৰৰ খনৰ ঢাকনি যুক্ত পকী নৰ্দমাত পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যুক সাৱটি লয়। প্ৰণিধানযোগ্য যে গাড়ী ব্যৱসায়ৰ লগতো জড়িত বলীৰাম জয়ছোৱালে বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ পৰা ভলীবল খেলুৱৈ সৃষ্টি আৰু ভলীবল খেলৰ প্ৰসাৰতাৰ বাবে দীৰ্ঘদিন ধৰি নিজাববীয়াকৈ প্ৰয়াস চলাই আহিছিল। পত্নী আৰু সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা একমাত্ৰ কন্যাক এৰি ৫৪ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লোৱা বলীৰাম জয়ছোৱালৰ মৃত্যুত নাহৰকটীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনকে ধৰি ৰাজ্যিক ভলীবল ৰেফাৰী সুৰজ গগৈয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অতনু আত্মাৰ চিৰশান্তি কামনা কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like