নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থানীয় ৰে’ল চলাচলৰ দাবীত নলবাৰীত যুৱ–ছাত্র পৰিষদৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ অসমৰ স্থানীয় ৰে’ল চলাচলৰ দাবীত  অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী ৰে’লৱে ষ্টেচনৰ সন্মুখত বিক্ষোভ কৰে৷ ক’ভিড–১৯ মহামাৰীৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি সমগ্র দেশ লকডাউনৰ কৱলত পৰাৰ সময়তেই স্থানীয় বা দুৰনীবটীয়া ৰেলসেৱা সমূহ স্তব্ধ হৈ পৰিছিল৷

সম্প্রতি ক’ভিড–১৯ৰ প্রাদুর্ভাৱ হ্রাস পোৱাৰ পিছত বিমান সেৱা, দূৰণিবটীয়া ৰে’লসেৱা, বাছসেৱা আদিকে ধৰি শ্বপিং মল, হাট–বজাৰ, ৰাজনৈতিক দলসমূহৰ সভা–সমিতি পূর্ণ পর্যায়ত চলি আছে যদিও স্থানীয় ৰে’লসেৱা বন্ধ হৈ থকাত আশ্চর্য প্রকাশ কৰিছে যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে৷ দিনৰ প্রায় ২.৩০বজাত অনুষ্ঠিত এই প্রতিবাদী কার্যসূচীত সংগঠনটোৰ কার্যকর্তাই স্থানীয় ৰে’ল শীঘ্রে চলাচল কৰক, স্থানীয় ৰে’লসেৱা বন্ধৰ ক্ষেত্রত সাংসদ, মন্ত্রী, বিধায়কৰ মৌনতা মানি লোৱা নহ’ব, ৰে’লসেৱা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ অভিসন্ধি নচলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পার্থপ্রতিম শর্মা আৰু সাধাৰণ সম্পাদক কৌশিক বর্মনে এক বিবৃতিত কয় যে স্থানীয় ৰে’লসেৱা বন্ধ হৈ থকাৰ ফলত মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানত কর্মৰত যুৱক–যুৱতী, বিভিন্ন পর্যায়ত অধ্যয়নৰত ছাত্র–ছাত্রী বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে৷

তদুপৰি স্থানীয় ৰে’লৰ জৰিয়তে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ক্ষুদ্র ব্যৱসায়েৰে পৰিয়াল পোহ–পাল দি আছিল যদিও সম্প্রতি এই পৰিয়ালৰ অৱস্থা পুতৌজনক হোৱা পৰিলক্ষিত হৈছে৷ সমগ্র বিষয়সমূহ ৰে’ল বিভাগে অনুধাৱন কৰি স্থানীয় ৰে’লসেৱাসমূহ শীঘ্রে প্রচলন নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷ প্রায় ডেৰঘণ্টীয়া প্রতিবাদী অৱস্থান কার্যসূচী ৰূপায়ণৰ অন্তত যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ এক সঁজাতী দলে নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে ৰে’লমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰি স্থানীয় ৰে’লসেৱা শীঘ্রে প্রচলনৰ দাবী জনায়৷

You might also like