নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ জয়হৰি পিতাৰ থানত জন্মাষ্টমী পালন

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ নলবাৰীৰো বিভিন্ন নামঘৰ, সত্ৰ, মন্দিৰ আদিত আজি কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে। নামঘৰ, সত্ৰ, মন্দিৰ আদিত আজি পুৱাৰে পৰা গধুলিলৈকে ভকত বৈষ্ণৱ আয়তীসকল কৃষ্ণ ভক্তিত বুৰ যায়। প্ৰতিটো নামঘৰ, সত্ৰ, মন্দিৰ আদিত পুৱাৰে পৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনেৰে প্ৰভু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা হয়৷জিলাখনৰ কৈঠালকুছিৰ নিকতৱৰ্ত্তী ষাঠিকুছি গাঁৱত অৱস্থিত শ্ৰীশ্ৰীজয়হৰি পিতাৰ থানতো আজি দিনজোৰা কাৰ্য্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উলহ-মালহেৰে উদ্‌যাপন কৰা হ’য়৷ আজি পুৱা থান অধিকৰ্তা প্ৰয়াত শৰৎ বৰ্মনৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিৰ সন্মুখত পুত্ৰ নৃপেন বৰ্মনে বন্তি প্ৰজ্বলন কৰি আৰু দহকাউনীয়া গাঁও নিৱাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সতীশ চন্দ্ৰ শৰ্মাই প্ৰয়াত থান অধিকৰ্তাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি জন্মাষ্টমীৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত  শিশু কৃষ্ণ প্ৰতিযোগিতাত অনুষ্ঠিত হ’য়৷ এগছি বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে জয়হৰি পিতাৰ থানৰ পদাধিকাৰ তথা উত্তৰ-পূৱ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ গনেশ তামুলীয়ে৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰি তামুলীয়ে কয় যে “আজি ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী৷ জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে পৱিত্ৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত সনাতন ধৰ্মৰ অনুগামীসকলে জন্মাষ্টমী পালন কৰে। ধৰ্ম ৰক্ষাৰ বাবে শ্ৰীকৃষ্ণই সময়ে সময়ে পৃথিৱীলৈ আহি নতুন অৱতাৰ লয়।আজিৰ এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ৷ মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি  এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ ৷বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপলৈ জন্মগ্ৰহণ কৰিছিল”৷ প্ৰতিযোগিতাৰ অন্তত শ্ৰীশ্ৰী জয়হৰি পিতাৰ থান পৰিচালনা সমিতিৰ সাংস্কৃতিক সম্পাদক যতীন্দ্ৰ কুমাৰ দাসে আঁতধৰা আৰু জয়হৰি পিতাৰ থানৰ পদাধিকাৰ গনেশ তামুলী,থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ভৱকান্ত বৰ্মন,মূখ্য সম্পাদক ড° সৰ্বানন্দ বৰ্মন,সম্পাদক অভয়চৰণ বেজবৰুৱা, সহঃ সম্পাদক মনোৰঞ্জন বৰ্মন, থানৰ মহানগৰ সমিতিৰ সম্পাদক প্ৰফুল্ল তালুকদাৰ,সাংবাদিক শৈলেন বৰ্মন,অৱসৰী শিক্ষক ৰাজেন্দ্ৰ নাথ বৰ্মন,অৱসৰপ্ৰাপ্ত শিক্ষক তথা যশস্বী লোক সংগীত শিল্পী ঘন বৈশ্য, জুনুমনি কলিতাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত শিশু কৃষ্ণ প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত কৈঠালকুছিৰ দৰ্শনা দাস,দ্বিতীয় স্থানপ্ৰাপ্ত ষাঠিকুছিৰ দিশান বৰ্মন,তৃতীয় স্থানপ্ৰাপ্ত ষাঠিকুছিৰ অংকিতা মেধি,নিচুকনি বঁটা প্ৰাপ্ত ষাঠিকুছিৰ নিতাশ্ৰী তালুকদাৰ আৰু বিচাৰকৰ উদ্‌গনিমূলক বঁটা প্ৰাপ্ত হাৰিভাঙাৰ মেঘৰাজ কলিতা আৰু ষাঠিকুছিৰ ধৃয়ান বৰুৱাক পুৰস্কাৰ প্ৰদান কৰা হ’য়৷ শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায় কাৰ্য্যসূচীৰ সামৰণি মৰা হ’য়৷
 প্ৰেৰক শৈলেন বৰ্মন
You might also like